যাদৱপুৰ বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ক আক্ৰমণ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ ধিক্কাৰ

শুকুৰবাৰে কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত ছুসংখ্যক ছাত্ৰই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কলা পতাকা দেখুৱাই আৰু তেওঁক আবদ্ধ কৰিবলৈ চেষ্টা কৰে

News18-Assam
Updated:September 20, 2019, 5:50 PM IST
যাদৱপুৰ বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ক আক্ৰমণ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ ধিক্কাৰ
শুকুৰবাৰে কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত ছুসংখ্যক ছাত্ৰই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কলা পতাকা দেখুৱাই আৰু তেওঁক আবদ্ধ কৰিবলৈ চেষ্টা কৰে
News18-Assam
Updated: September 20, 2019, 5:50 PM IST
শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা বাবুল সুপ্ৰিয়ক কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত একাংশ ছাত্ৰই আক্ৰমণ কৰে। বিশ্ববিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অনুষ্ঠিত কৰা এখন ছেমিনাৰত অংশ লবলৈ যোৱাৰ সময়ত বিশ্ববিদ্যালয়খনৰ কিছুসংখ্যক ছাত্ৰই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কলা পতাকা দেখুৱাই আৰু আক্ৰমণৰ চেষ্টা কৰে।



শুকুৰবাৰে বাবুল সুপ্ৰিয়ক যাদৱপুৰ বিশ্ববিদ্যালয়ৰ বামপন্থী ছাত্ৰ-ছাত্ৰীসকলে প্ৰৱেশ দ্বাৰত প্ৰায় ডেৰ ঘণ্টাতকৈ অধিক সময় অপেক্ষা কৰি থাকিবলৈ বাধ্য কৰিছিল। পিছত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেওঁক বলপূৰ্বক ভাবে বামপন্থী ছাত্ৰ–ছাত্ৰীয়ে আক্ৰমণ কৰাৰ কথা সদৰি কৰে। এনেদৰে এখন বিশ্ববিদ্য়ালয়ত কেন্দ্ৰীয়মন্ত্ৰীগৰাকীক আক্ৰমণ কৰা ঘটনাক এতিয়া তীব্ৰ ভাষাৰে গৰিহণা জনাইছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ দেৱে।

সমগ্ৰ ঘটনাসন্দৰ্ভত মুখ্য মন্ত্ৰী দেৱে টুইট কৰি কয় যে বিশ্ববিদ্যালয় এখন জ্ঞান আহৰণৰ থলী উগ্ৰ বামপন্থাৰ থলী নহয়। সেই কাৰণে ভাৰতীয় জনসাধাৰণে বামপন্থাক অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি বিপ্লৱ দেৱে।

 

আৰু চাওক পৰৱৰ্তী বাতৰি