২৮ বছৰ পিছত আজি বাবৰি মছজিদ ধ্বংস গোচৰৰ ৰায়, ভাগ্য নিৰ্ণয় হ’ব আদৱানী–উমা ভাৰতী–যোশীৰ

News18 Assam | News18-Assam
Updated:September 30, 2020, 11:38 AM IST
২৮ বছৰ পিছত আজি বাবৰি মছজিদ ধ্বংস গোচৰৰ ৰায়, ভাগ্য নিৰ্ণয় হ’ব আদৱানী–উমা ভাৰতী–যোশীৰ
১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত বাবৰি মছজিদ ধ্বংস কৰিছিল কৰসেৱকসকলে।

১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত বাবৰি মছজিদ ধ্বংস কৰিছিল কৰসেৱকসকলে।

  • News18 Assam
  • Last Updated: September 30, 2020, 11:38 AM IST
  • Share this:
প্ৰায় ২৮ বছৰ পিছত আজি অৰ্থাৎ বুধবাৰে বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায় দিব লক্ষ্ণৌৰ চিবিআইৰ বিশেষ আদালতে। বাবৰি মছজিদ ধ্বংসৰ ঘটনাক লৈ লক্ষ্ণৌৰ চিবিআইৰ বিশেষ আদালতক ৰায়দানৰ বাবে ডেডলাইন ৩০ ছেপ্টেম্বৰ বান্ধি দিছিল উচ্চতম ন্যায়ালয়ে। এই গোচৰৰ অভিযুক্তৰ তালিকাত নাম আছে লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী আৰু উমা ভাৰতীৰো।

১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত বাবৰি মছজিদ ধ্বংস কৰিছিল কৰসেৱকসকলে। তেওঁলোকৰ দাবী আছিল, সেই স্থানত ৰাম মন্দিৰ আছিল। ঘটনাত লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, উমা ভাৰতীৰ দৰে বিজেপি নেতা–নেত্ৰীৰ বিৰুদ্ধে বাবৰি মছজিদ ধ্বংসৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ। সেই গোচৰৰ তদন্ত কৰিছে চিবিআয়ে।

চিবিআই আদালতৰ বিচাৰক এছ কে যাদৱে বিগত ১৬ ছেপ্টেম্বৰত নিৰ্দেশ দিছিল, ৰায়দানৰ দিনা জীৱিত ৩২ অভিযুক্ত আদালতত উপস্থিত থাকিব লাগিব। যাৰ ভিতৰত আছে দেশৰ প্ৰাক্তন উপ–প্ৰধানমন্ত্ৰী এল কে আদৱানী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুৰলী মনোহৰ যোশী, উমা ভাৰতী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং, বিনয় কাটিয়াৰ, সাধ্বী ৰীতাম্বৰ, চম্পত ৰাই আদি।
Published by: Sanjay Kumar Das
First published: September 30, 2020, 11:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading