আধুনিক এলোপেথিক চিকিৎসাক মূৰ্খৰ বিজ্ঞান বুলি কৈ শেষত দুখ প্ৰকাশ কৰা যোগগুৰু বাবা ৰামদেৱৰ আন এটা ভিডিঅ' সম্প্ৰতি চৰ্চাত আছে। এই ভিডিঅ'টোত ৰামদেৱে পুনৰ চিকিৎসকক লৈ টিপ্পনী মৰা পৰিলক্ষিত হৈছে। যোগ প্ৰশিক্ষণৰ সময়ৰ ভিডিঅ'টোত বাবা ৰামদেৱে শিষ্যগণক উদ্দেশ্যি কোৱা কথাৰ মাজতে এই টিপ্পনী মাৰে।
ৰামদেৱে কয় যে ১০০০ চিকিৎসক কোৰোণাৰ ডাবল ভেকচিন লোৱাৰ পিছতো মৃত্যুমুখত পৰিল। তেওঁৰ মতে যিসকলে নিজকে বচাবলৈ অক্ষম, সেয়া কেনে ডাক্তৰী? ভিডিঅ'টোৰ আৰম্ভণিতে বাবা ৰামদেৱে চিকিৎসকসকলক উপহাস কৰা দেখা যায়। যোগত ভাগ লোৱা লোকসকলক উদ্দেশ্যি তেওঁ কয়– 'তৃতীয়জনে ক'লে মই ডাক্তৰ হ'ম... তৰ... তৰ... তৰ... তৰ... তৰ... তৰ... হম... ডাক্তৰ... এহাজাৰ ডাক্তৰতো এতিয়া কোৰোণা ভেকচিনৰ ডাবল ভেকচিন লোৱাৰ পিছত মৃত্যুমুখত পৰিল, কিমান? এহাজাৰ ডাক্তৰ... কালিৰ বাতৰি এয়া, নিজে নিজক বচাব নোৱাৰাটো কেনে ডাক্তৰী?'
উল্লেখ্য, আধুনিক চিকিৎসা বিজ্ঞানক আক্ৰমণ কৰি বিতৰ্কৰ সৃষ্টি কৰা ৰামদেৱে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধনৰ পৰা চিঠি লাভ কৰাৰ পিছত নিজৰ মত উঠাই লৈছিল কালি। কিন্তু এতিয়া তেওঁ ডাক্তৰক আক্ৰমণ কৰি পুনৰ নিজৰ ক্ষোভৰ উমান দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|