আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ ক'ৰোণা পজিটিভৰ কাৰণ সন্দৰ্ভত মন্তব্য কৰি বিপদত পৰিছে যোগগুৰু বাবা ৰামদেৱ। বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ে বাবা ৰামদেৱক সকীয়নি প্ৰদান কৰিছে।
জ' বাইডেন ক'ৰোণাত আক্ৰান্ত হোৱাৰ বিষয়ত মন্তব্য কৰি বাবা ৰামদেৱে কৈছিল এয়া চিকিৎসা বিজ্ঞানৰ বিফলতা। ৰামদেৱৰ এই মন্তব্যৰ পিছতে উচ্চ ন্যায়ালয়ে বাবা ৰামদেৱক কয়, "আপুনি এই সংক্ৰান্তত নজনাকৈ একো আনুষ্ঠানিক মন্তব্য নকৰিব আৰু লগতে মানুহক বিপথে পৰিচালিত কৰাৰ চেষ্টা নকৰিব।"
এল'পেথিকৰ বিপক্ষে মন্তব্য কৰা বাবা ৰামদেৱৰ ওপৰত এল'পেথিক চিকিৎসক সকলৰ সংঘবদ্ধ সংগঠনে গোচৰ তৰিছিল। ইয়াৰ পিছতে ন্যায়াধীশ জয়ৰাম ভগৱানীয়ে এই ৰায় প্ৰদান কৰিছে। ন্যায়াধীশ গৰাকীয়ে লগতে বাবা ৰামদেৱৰ মন্তব্যই দুটা বিষয়ত চিন্তাৰ উদ্ৰেক ঘটোৱাৰ কথাও উল্লেখ কৰে। প্ৰথমটো হৈছে, বাবা ৰামদেৱৰ এনে আচৰণে আয়ুৰ্বেদক বদনাম কৰিব পাৰে। আয়ুৰ্বেদ হৈছে ভাৰতৰ প্ৰাচীন চিকিৎসা পদ্ধতি। দ্বিতীয়তে, বাবা ৰামদেৱৰ এনে মন্তব্যই ৰাষ্ট্ৰখনৰ সৈতে থকা আমাৰ বৈদেশিক সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : August 18, 2022, 04:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।