বৃদ্ধ দম্পতিৰ মুখলৈ আকৌ উভতিল হাঁহি, ‘বাবা কা ধাবা’ত পুৱাৰ পৰাই দীঘলীয়া শাৰী, ছচিয়েল মিডিয়াত ভাইৰেল

News18 Assam | News18-Assam
Updated:October 9, 2020, 10:21 AM IST
বৃদ্ধ দম্পতিৰ মুখলৈ আকৌ উভতিল হাঁহি, ‘বাবা কা ধাবা’ত পুৱাৰ পৰাই দীঘলীয়া শাৰী, ছচিয়েল মিডিয়াত ভাইৰেল
ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল এহাল বৃদ্ধ দম্পতি

ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল এহাল বৃদ্ধ দম্পতি

  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল এহাল বৃদ্ধ দম্পতি।এটা ভিডিঅ’ত বৃদ্ধ দম্পতিটোৱে কৈছিল যে, তেওঁলোকে মালবীয় নগৰত নগৰত এখন ধাবা চলায়। কিন্তু গ্ৰাহকৰ অভাৱত নাইকীয়া হৈছে বিক্ৰী। থাকি গৈছে ৰন্ধা খাদ্য। অভাৱত আনকি চকুপানী টুকিছিল দম্পতিটোৱে। আৰু লগে লগে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল দম্পতিটোৰ দুৰ্দশাৰ কাহিনী।

ইয়াৰ পিছতে বহুতে আৰম্ভ কৰিলে ‘বাবা কা ধাবা’লৈ যাবলৈ ছচিয়েল মিডিয়াত কেম্পেইন। যাৰ প্ৰভাৱ দেখা গ’ল বৃহস্পতিবাৰৰ দিনটোত। দিল্লীৰ বৃহত্‍ সংখ্যক লোক পালেগৈ বাবা কা ধাবা। দেখিবলৈ পোৱা গ’ল দীঘলীয়া শাৰী। হঠাত্‍ অহা এনে পৰিৱৰ্তন দেখি মুখত হাঁহি ওলাই গ’ল বৃদ্ধ দম্পতিটোৰ। শুকুৰবাৰৰ দিনটোতো 'বাবা কা ধাবা'ৰ সন্মুখত অনুৰূপ দৃশ্য।



ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ধাবাত উপস্থিত হয়গৈ আম আদমী পাৰ্টীৰ বিধায়ক সোমনাথ ভাৰতী। আৰু চৰকাৰে অনাগত দিনত বৃদ্ধ দম্পতিটোক চোৱা-চিটা কৰাৰ আশ্বাস দিয়ে।



এতিয়া বলীউদৰ বহু তাৰকায়ো বাবা কা ধাবালৈ যাবলৈ অনুৰোধ জনাইছে টুইটাৰত। শ্বেয়াৰ কৰিছে ফটো।
Published by: Himangshu Bhuyan
First published: October 9, 2020, 10:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading