দীঘলীয়া প্ৰতীক্ষাৰ অন্ত পেলাই আজি উচ্চতম ন্যায়ালয়ে দিব আজি অযোধ্যা বিবাদৰ ৰায়। ইয়াৰ লগে লগে দেশৰ অন্যতম প্ৰাচীন বিবাদৰ অন্ত পৰিব আজি। এই ঐতিহাসিক ৰায়ৰ বাবে উৎকণ্ঠিত দেশবাসী। পুৱা ১০.৩০ বজাত উচ্চতম ন্যায়ালয়ে দিব ৰায়। ৰায়দানৰ পূৰ্বে সমগ্ৰ উত্তৰ প্ৰদেশত গঢ়ি তোলা হৈছে পানী নসৰকা নিৰাপত্তা। শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে চৰকাৰে। উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া সংবিধান পীঠে দিব অযোধ্যা বিবাদৰ ৰায়।
অযোধ্যা ভূমি বিবাদ, সমগ্ৰ ঘটনা পৰিঘটনা১৫২৮ চন
অযোধ্যাত বাবৰি মছজিদ নিৰ্মাণ।
মোগল বাদশ্বাহ বাবৰে নিৰ্মাণ কৰায় মছজিদটো।
১৮৫৩ চন
বাবৰি মছজিদৰ কাষৰীয়া অঞ্চলত সাম্প্ৰদায়িক সংঘৰ্ষ।
১৮৫৯ চন
ব্ৰিটিছ প্ৰশাসনে বিবাদিত স্থানত বেৰ দিয়ে।
১৮৫৯ চন
ভেটিত মুছলমানক নামাজ পঢ়াৰ অনুমতি।
১৮৫৯ চন
বাহিৰত হিন্দুক পূজা কৰাৰ অনুমতি।
১৯৪৯ চন
২৩ ডিচেম্বৰত মছজিদৰ ভিতৰত ৰামৰ মূৰ্তি উদ্ধাৰ।
১৯৪৯ চন
হিন্দুৰ দাবী, মছজিদত ভগৱান ৰামৰ আৱিৰ্ভাৱ।
১৯৪৯ চন
মুছলমানৰ দাবী মছজিদৰ ভিতৰত গোপনে ৰখা হৈছে ৰামৰ মূৰ্তি।
১৯৪৯ চন
মূৰ্তি আঁতৰোৱাৰ নিৰ্দেশ উত্তৰ প্ৰদেশ চৰকাৰৰ।
১৯৪৯ চন
মূৰ্তি আঁতৰাবলৈ জিলা দণ্ডাধীশ কে কে নায়াৰৰ অসমৰ্থতা প্ৰকাশ।
সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা কৰি মূৰ্তি আঁতৰোৱাত অমান্তি।
১৯৫০ চন
ফৈজাবাদৰ নিম্ন আদালতত ৰামলালাৰ পূজাৰ অনুমতি বিচাৰি আৱেদন।
১৯৫০ চন
বিতৰ্কিত ভেটিত ৰামৰ পূজা কৰাৰ অনুমতি বিচাৰিও আৱেদন।
১৯৫৯ চন
হিন্দু সংগঠন নিৰ্মোহী অখাড়াই তৃতীয়খন আৱেদন দাখিল কৰে।
১৯৬১ চন
উত্তৰ–প্ৰদেশ ছুন্নী ৱাকফ ব’ৰ্ডৰ আৱেদন।
বিবাদিত স্থানৰ দখল আৰু মূৰ্তি আঁতৰোৱাৰ আৰ্জি।
১৯৮৪ চন
বিবাদিত ভেটিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিশ্ব হিন্দু পৰিষদৰ কমিটী গঠন।
১৯৮৬ চন
ইউ চি পাণ্ডেৰ আৱেদন মৰ্মে জিলা ন্যায়াধীশ এন কে পাণ্ডেৰ নিৰ্দেশ।
আন্তঃগাঁথনিৰ তলা খুলি হিন্দুসকলক পূজা কৰাৰ অনুমতি প্ৰদান।
১৯৮৬ চন
প্ৰধানমন্ত্ৰীৰ ৰাজীৱ গান্ধীৰ নিৰ্দেশত খোলা হয় বিবাদিত স্থানৰ তলা।
১৯৮৯ চন
বিবাদিত স্থানত বিশ্ব হিন্দু পৰিষদৰ আধাৰশিলা স্থাপন।
১৯৯০ চন
২৫ ছেপ্টেম্বৰত লালকৃষ্ণ আদৱানিৰ নেতৃত্বত ৰথযাত্ৰা আৰম্ভ।
গুজৰাটৰ সোমনাথ মন্দিৰৰ পৰা অযোধ্যালৈ ৰথযাত্ৰা।
১৯৯০ চন
বিহাৰৰ সমষ্টিপুৰত আদৱানিক গ্ৰেপ্তাৰ কৰে বিহাৰৰ লালুপ্ৰসাদ যাদৱ চৰকাৰে।
১৯৯০ চন
৩০ অক্টোবৰত বিশ্ব হিন্দু পৰিষদৰ হাজাৰ হাজাৰ সমৰ্থক অযোধ্যাত সমবেত।
১৯৯১ চন
উত্তৰ প্ৰদেশত বিজেপিৰ চৰকাৰ গঠন।
১৯৯২ চন৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংস।
বিজেপি, শিৱসেনা, বিশ্ব হিন্দু পৰিষদৰ লাখ লাখ কাৰ্যকৰ্তাই ভাঙে মছজিদ।
১৯৯২ চনবাবৰি মছজিদ ধ্বংসৰ পাছতেই দেশজুৰি সাম্প্ৰদায়িক সংঘৰ্ষ
দেশজুৰি প্ৰায় ২০০০ লোক নিহত।
২০০২ চনগুজৰাটৰ গোধৰাত ৰে’লত যোৱা কৰ সেৱকৰ ডবাত অগ্নিসংযোগ
৫৮ কৰ সেৱক নিহত, গুজৰাটত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত।
২০১০ চনএলাহাবাদ উচ্চ ন্যায়ালয়ৰ অযোধ্যা ভূমি বিবাদ গোচৰৰ ৰায় প্ৰদান।
২০১০ চনৰামলালা, নিৰ্মোহী অখাড়া, ছুন্নী ৱাকফ ব’ৰ্ডৰ মাজত
অযোধ্যাৰ ভূমি সমানে ভাগ–বাটোৱাৰাৰ নিৰ্দেশ।
২০১৭ চনআদালতৰ বাহিৰত অযোধ্যা বিবাদৰ সমাধানৰ আহ্বান।
বিজেপিৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে থকা গোচৰৰ পুনৰ বিচাৰ আৰম্ভ।
২০১৯ চনচনৰ ৮ মাৰ্চত উচ্চতম ন্যায়ালয়ে মধ্যস্থতাৰ বাবে ৩ জনীয়া কমিটী গঠন।
কমিটীক ৮ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ।
১ আগষ্টত মধ্যস্থতা কমিটীৰ প্ৰতিবেদন দাখিল।
২ আগষ্টত উচ্চতম ন্যায়ালয়ৰ মন্তব্য। সমাধান উলিওৱাত ব্যৰ্থ মধ্যস্থতা কমিটী।
৬ আগষ্টৰ পৰা একেৰাহে ৪০ দিন উচ্চতম ন্যায়ালয়ৰ শুনানি। ১৬ অক্টোবৰত অযোধ্যা গোচৰৰ শুনানি সম্পূৰ্ণ, ৰায়দান সংৰক্ষিত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|