ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক কেকে মহম্মদে কয় যে, পুৰাতত্ত্ব বিভাগে দিয়া প্ৰমাণৰ ভিত্তিতে ন্যায়ালয় ৰায়দানৰ ক্ষেত্ৰত আগবাঢ়িছিল। পুৰাতত্ত্ব বিভাগৰ তথ্য অনুসৰি বিবদমান এলেকাত মন্দিৰ আছিল। গতিকে কেকে মহম্মদৰ মতে সেই স্থানত আকৌ মন্দিৰ নিৰ্মাণ কৰিব লাগিব।
উল্লেখযোগ্য যে, কেকে মহম্মদে সদায় বিবদমান ভূমিত মন্দিৰ আছিল বুলি দাবী কৰি আহিছিল। ANI ৰ সৈতে হোৱা সাক্ষাৎকাৰত মহম্মদে কয় যে, ‘আজি মই নিজকে দোষমুক্ত অনুভৱ কৰিছো। কাৰণ মন্দিৰৰ থকাৰ কথা কওতে কিছুমান মুছলমান সংগঠনে মোক বিভিন্ন ভাবুকি প্ৰদান কৰিছিল, আনকি একাংশ সংগঠনে মোৰ বিৰুদ্ধে ফটোৱাও জাৰি কৰিছিল। কিন্তু আজি ন্যায়ালয়ে দেশবাসীয়ে যিধৰণে বিচাৰিছিল, তেনে ধৰণেই ৰায়দান কৰিলে।’
K K Muhammed, former regional director (North), Archaeological Survey of India (ASI): I feel vindicated (he had said Ram temple existed before Babri mosque in Ayodhya), I was hounded by a group of people. It is exactly the kind of decision that we all wanted. #AyodhyaVerdicthttps://t.co/0kqcGZqzT8pic.twitter.com/Z99AhNzw7L