৫ লাখ ৫১ হাজাৰ বন্তিৰ পোহৰত উজলি উঠিল ৰামনগৰী, অযোধ্যাত বিশ্ব অভিলেখ

সৰযুৰ পাৰত ৫ লাখ ৫১ হাজাৰ বন্তি জলাই যোগী চৰকাৰে নিজৰে বিশ্ব অভিলেখ ভংগ কৰিলে।

News18-Assam
Updated:October 27, 2019, 7:37 AM IST
৫ লাখ ৫১ হাজাৰ বন্তিৰ পোহৰত উজলি উঠিল ৰামনগৰী, অযোধ্যাত বিশ্ব অভিলেখ
সৰযুৰ পাৰত ৫ লাখ ৫১ হাজাৰ বন্তি জলাই যোগী চৰকাৰে নিজৰে বিশ্ব অভিলেখ ভংগ কৰিলে।
News18-Assam
Updated: October 27, 2019, 7:37 AM IST
উত্তৰ প্ৰদেশৰ অযোধ্যাত ধাৰাবাহিকভাৱে তৃতীয় বৰ্ষৰ বাবে দীপাৱলীৰ মহা আয়োজন। এইবাৰো সৰযুৰ পাৰত ৫ লাখ ৫১ হাজাৰ বন্তি জলাই যোগী চৰকাৰে নিজৰে বিশ্ব অভিলেখ ভংগ কৰিলে। এই অভিলেখ যোগী চৰকাৰৰ পৰ্যটন বিভাগ আৰু ড০ ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়ৰ সহযোগত সৃষ্টি হয়। এই উপলক্ষে গীণিজ ৱৰ্ল্ড ৰেকৰ্ডৰ দলে প্ৰমাণপত্ৰৰে যোগী চৰকাৰক সন্মানিত কৰে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ দীপাৱলীত ৩ লাখ ১০ হাজাৰ বন্তি প্ৰজ্বলন কৰোৱা হৈছিল, যিটো আছিল বিশ্ব অভিলেখ।

ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাত উপস্থিত হৈ ৰাম–সীতাৰ আৰতি কৰে। দীপাৱলীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হোৱা যোগী আদিত্যনাথে কয় যে নৰেন্দ্ৰ মোদীয়ে জাতি–ধৰ্ম নিৰ্বিশেষে সকলোকে সমান অধিকাৰ দিছে আৰু ৰাম ৰাজ্য স্থাপন কৰিছে। শাসনৰ আঁচনি যি দায়বদ্ধতাৰে দেশত কাৰ্যকৰী কৰা হৈছে, এয়া আধুনিক ৰামৰ অৱতাৰ, য’ত সকলোকে সমানে উন্নয়নৰ দিশত আগুৱাই নিয়া হৈছে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি