• Home
  • »
  • News
  • »
  • nation
  • »
  • ২০২৩ চনৰ ডিচেম্বৰত ভক্তৰ বাবে মুকলি কৰা হ’ব অযোধ্যাৰ ৰাম মন্দিৰ

২০২৩ চনৰ ডিচেম্বৰত ভক্তৰ বাবে মুকলি কৰা হ’ব অযোধ্যাৰ ৰাম মন্দিৰ

ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য অযোধ্যাত পূৰ্ণগতিত চলি আছে। এই মন্দিৰৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছিল বিগত বৰ্ষত।

ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য অযোধ্যাত পূৰ্ণগতিত চলি আছে। এই মন্দিৰৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছিল বিগত বৰ্ষত।

ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য অযোধ্যাত পূৰ্ণগতিত চলি আছে। এই মন্দিৰৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছিল বিগত বৰ্ষত।

  • Share this:
অযোধ্যাত শ্ৰীৰাম মন্দিৰ ভক্তৰ বাবে ডিচেম্বৰ ২০২৩ত মুকলি কৰা হ’ব। সূত্ৰ অনুসৰি জানিব পৰা মতে, ভগৱান শ্ৰীৰামৰ মন্দিৰ ২–২৩ চনলৈ দৰ্শনৰ বাবে খুলি দিয়া হ’ব। ২০২৩ চনৰ শেষৰফালে দেশৰ ভক্তসকলে ভগৱান ৰামৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ নহ’লেও গৰ্ভগৃহ নিশ্চয়কৈ সাজু হৈ উঠিব। উত্তৰ প্ৰদেশত ২০২২ চনত বিধানসভা নিৰ্বাচন আৰু তাৰ পিছত ২০২৪ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে ৰাম মন্দিৰ ভক্তৰ বাবে মুকলি কৰি বিজেপি চৰকাৰে সম্পূৰ্ণ কৃতিত্ব ল’ব বিচাৰিব। উল্লেখযোগ্য যে ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য অযোধ্যাত পূৰ্ণগতিত চলি আছে। এই মন্দিৰৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছিল বিগত বৰ্ষত।

জানিব পৰা মতে, ২০২৩ৰ শেষলৈ দেশৰ ভক্তসকলে ভগৱান ৰামৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। আনুমানিক সময় ২০২৫ত সম্পূৰ্ণ ৬৭ একৰ ভূমিত মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব। মন্দিৰৰ চৌহদ হ’ব ১১০ একৰ ভূমিৰ। সম্পূৰ্ণ ৰাম মন্দিৰ নিৰ্মাণত ৯০০ৰ পৰা ১০০০ কোটি টকা খৰচ হ’ব।

তাত সংগ্ৰহালয়, আৰ্কাইভ আৰু এটা সৰু ৰিছাৰ্চ চেণ্টাৰ নিৰ্মাণ কৰা হ’ব। লগতে প্ৰশাসনিক ব্লক, গেষ্ট হাউছ, সাধু–সন্ত, প্ৰসাদ বনোৱা আৰু বিতৰণৰ বাবে থাকিব ঠাই। ৰাম নৱমীৰ দিনা সূৰ্যৰ ৰশ্মী ৰাম মন্দিৰৰ ভিতৰৰ ৰামললাৰ ওপৰত পোনপটীয়াকৈ পৰাৰ বাবে ব্যৱস্থা কৰাৰ প্ৰয়াস কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: