• Home
  • »
  • News
  • »
  • nation
  • »
  • সম্পন্ন হ’ল ৰাম মন্দিৰৰ ভূমি পূজন, আৰম্ভ হ’ল শুভ মুহূৰ্ত, কিছু সময়য় পিছতে প্ৰধানমন্ত্ৰীৰ ভাষণ

সম্পন্ন হ’ল ৰাম মন্দিৰৰ ভূমি পূজন, আৰম্ভ হ’ল শুভ মুহূৰ্ত, কিছু সময়য় পিছতে প্ৰধানমন্ত্ৰীৰ ভাষণ

ভিডিঅ’ কনফাৰেন্স যোগে অংশগ্ৰহণ বিজেপিৰ পিতামহ লালকৃষ্ণ আদৱানিৰ।

ভিডিঅ’ কনফাৰেন্স যোগে অংশগ্ৰহণ বিজেপিৰ পিতামহ লালকৃষ্ণ আদৱানিৰ।

ভিডিঅ’ কনফাৰেন্স যোগে অংশগ্ৰহণ বিজেপিৰ পিতামহ লালকৃষ্ণ আদৱানিৰ।

  • Share this:
ৰামধ্বনিৰে মুখৰিত অযোধ্যাৰ আকাশ বতাহ। ইতিমধ্যে সম্পন্ন হ’ল ৰাম মন্দিৰৰ ভূমি পূজন। ইতিমধ্যে আৰম্ভ হৈছে শুভ মুহূৰ্ত। খন্তেক পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে  ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীক সংগ দিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১৭৫ গৰাকী প্ৰতিষ্ঠিত অতিথিক আমন্ত্ৰণ জনোৱা হৈছে।



দেশবাসী সাক্ষী হৈছে এক ঐতিহাসিক মুহূৰ্তৰ। অযোধ্যাক ৪০০ কুইণ্টল ফুলেৰে সজোৱা হৈছে। আজি বুধবাৰ সেয়ে ৰামলালাক সেই হিচাপত ৰঙা বৰণৰ পোচাক পিন্ধোৱা হৈছে। তেওঁৰ লগত আছে ৰামভক্ত হনুমান। হনুমানৰ মূৰ্তিও ধুনীয়াকৈ সজোৱা হৈছে। বৈদিক ৰীতি মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ ল’লে ভুূমি পূজনত। ২১ জন ব্রাহ্মণৰ দলে কৰিলে ভূমি পূজনৰ কাম। কাশী, অযোধ্যা, প্রয়াগৰাজৰ পৰা বিদ্বানসকল আহিছে এই কামৰ কাৰণে।
Published by:Himangshu Bhuyan
First published: