দৰাচলতে হিন্দু মহাসভাৰ জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে এখন কিতাপৰ পাত আঙুলিয়াই এখন নক্সা দেখুৱাই কৈছিল যে ইয়াত ৰামৰ জন্মভূমিৰ সঠিক বিৱৰণ আছে আৰু কৰ্টক এই কথা কোনেও কোৱা নাই। এই কথাৰ বিৰোধ কৰি ৰাজীৱ ধৱনে কয় যে এইবোৰ অদৰকাৰী কথা, মই এনেধৰনৰ নথি বিশ্বাস নকৰো। এই কথাত চিজেআইয়ে কয় যে আপুনি নামানিলে কোনে কথা নাই, বিকাশ সিঙে কেৱল নিজৰ ব্যক্তব্য উপস্থাপন কৰিছে। ইয়াৰ পিছতে ধৱনে সেই নক্সা ফালি পেলায়। ধৱনৰ এই কাৰ্যত মুখ্য ন্যায়াধীশ গৰাকী ক্ষুব্ধ হৈ কয় যে কৰ্ট ৰূমত এনেধৰণৰ হকা–বধাই কথা শুনাত বাধা দিয়ে।
কিশোৰ কুনালে লিখা কিতাপখন বিকাশ সিঙে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰেকৰ্ড হিচাপে ল’বলৈ কৈ পঢ়ি চাবলৈ অনুৰোধ কৰে। মুখ্য ন্যায়াধীশ গৰাকীয়ে তেতিয়া হাঁহি হাঁহি কয় যে তেওঁ নৱেম্বৰত এই কিতাপখন পঢ়িব। এই সময়তে ৰাজীৱ ধৱনে সেই কিতাপৰ নক্সা খন ফালি পেলায়। এই কাৰ্যৰ পিছতে জাঙুৰ খাই উঠিছে ৰাম জন্মভূমিৰ সমৰ্থক।