দুমহলীয়া হ’ব ৰাম মন্দিৰ, ১০৬টা স্তম্ভৰ সৈতে থাকিব পাঁচটা প্ৰৱেশ দ্বাৰ
News18-Assam Updated:November 13, 2019, 7:43 AM IST

অযোধ্যাৰ প্ৰস্তাৱিত ৰাম মন্দিৰৰ আৰ্হি
চন্দ্ৰকান্ত ভাই সোমপুৰাই তৈয়াৰ কৰা ৰাম মন্দিৰৰ আৰ্হি অযোধ্যাৰ কাৰ্যসেৱকপুৰমত ৰখা হৈছে।
- News18 Assam
- Last Updated: November 13, 2019, 7:43 AM IST
প্ৰায় ৩০ বছৰ পূৰ্বে ৰাম মন্দিৰৰ আৰ্হি দাখিল কৰা প্ৰখ্যাত মন্দিৰ স্থপতিবিদ চন্দ্ৰকান্ত ভাই সোমপুৰাৰ মতে এই মন্দিৰ বিশ্বৰ আটাইতকৈ সুন্দৰ মন্দিৰসমূহৰ ভিতৰত এটা হ’ব।
চন্দ্ৰকান্ত ভাই সোমপুৰাই তৈয়াৰ কৰা ৰাম মন্দিৰৰ আৰ্হি অযোধ্যাৰ কাৰ্যসেৱকপুৰমত ৰখা হৈছে। এই আৰ্হি মতেই নিৰ্মাণ কৰা হ’ব প্ৰস্তাৱিত ৰাম মন্দিৰ। চন্দ্ৰকান্ত ভাইৰ মতে অযোধ্যাত হ’বলগীয়া ৰাম মন্দিৰত ১০৬টা স্তম্ভযুক্ত দুমহলীয়া মন্দিৰ হ’ব। যাৰ গৰ্ভগৃহত প্ৰভূ ৰাম বিৰাজমান হ’ব। ওপৰ মহলাত থাকিব ৰাম দৰবাৰ। চন্দ্ৰকান্ত ভাইৰ মতে, ৰাম মন্দিৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হ’ব প্ৰায় তিনি বছৰ সময়।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।