অযোধ্যা বিবাদক লৈ আজিৰে পৰা উচ্চতম ন্যায়ালয়ত দৈনিক শুনানি

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে অযোধ্যা বিবাদক লৈ গ্ৰহণ কৰিব শুনানি।

News18-Assam
Updated:August 6, 2019, 9:47 AM IST
অযোধ্যা বিবাদক লৈ আজিৰে পৰা উচ্চতম ন্যায়ালয়ত দৈনিক শুনানি
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে অযোধ্যা বিবাদক লৈ গ্ৰহণ কৰিব শুনানি।
News18-Assam
Updated: August 6, 2019, 9:47 AM IST
ৰাজনৈতিকভাৱে অতি সংবেদনশীল ৰাম জনমভূমি–বাবৰি মছজিদ ভূমি বিবাদক লৈ আজিৰে পৰা উচ্চতম ন্যায়ালয়ে দৈনিক গ্ৰহণ কৰিব শুনানি। মধ্যস্থতাকাৰীৰ জৰিয়তে সমাধানসূত্ৰ উলিওৱাৰ চেষ্টা ব্যৰ্থ হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে এই বিষয়টোক লৈ দৈনিক শুনানিৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে অযোধ্যা বিবাদক লৈ গ্ৰহণ কৰিব শুনানি। এই বিচাৰপীঠত আছে ন্যায়াধীশ এছ এ ব’বডে, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এছ এ নাজিৰ।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এফ এম আই কালীফুল্লাৰ অধ্যক্ষতাত ৮ মাৰ্চত গঠিত তিনিজনীয়া মধ্যস্থতাকাৰী কমিটীয়ে বিষয়টোৰ গ্ৰহণযোগ্য সমাধানসূত্ৰ উলিওৱাত ব্যৰ্থ হোৱাৰ পিছত দৈনিক শুনানিৰ সিদ্ধান্ত লয় উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া এই বিচাৰপীঠে।

ন্যায়াধীশ কালীফুল্লা নেতৃত্বাধীন কমিটীয়ে প্ৰায় চাৰি মাহ ধৰি মধ্যস্থতাৰ জৰিয়তে এই বিবাদৰ সমাধানসূত্ৰ উলিওৱাৰ চেষ্টা চলাইছিল। মধ্যস্থতাকাৰী কমিটীয়ে ইয়াৰ সমাধানসূত্ৰ উলিওৱাৰ বাবে অযোধ্যাৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ ফৈজাবাদত বন্ধ কোঠাত সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনাত বহিছিল।

১৮ জুলাইত সৰ্বোচ্চ ন্যায়ালয়ে মধ্যস্থতাকাৰী কমিটীক ৩১ জুলাই বা ১ আগষ্টৰ ভিতৰত নিজৰ কাম–কাজৰ খতিয়ান দাখিল কৰিবলৈ কৈছিল। বৃহস্পতিবাৰে মধ্যস্থতাকাৰী কমিটীয়ে ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত কয় যে এই বিবাদৰ কোনো সৰ্বসন্মত সমাধান উলিয়াব পৰা নগ’ল।

মধ্যস্থতাকাৰী কমিটীৰ প্ৰতিবেদন পৰ্যালোচনাৰ পিছত উচ্চতম ন্যায়ালয়ে কয় যে এই বিষয়টোৰ সকলো পক্ষই আবেদনৰ শুনানিৰ বাবে প্ৰস্তুত হোৱা উচিত। আদালতে স্পষ্ট কৰি দিয়ে যে এই গোচৰটোৰ শুনানি বিতৰ্কৰ অৱসান নোহোৱালৈ দৈনিক চলিব।
আৰু চাওক পৰৱৰ্তী বাতৰি