অযোধ্যা বিবাদঃ শুনানি শেষ, নৱেম্বৰৰ তৃতীয় সপ্তাহত চূড়ান্ত ৰায়দানৰ সম্ভাৱনা

২৩ দিনৰ পিছতেই বিবাদৰ ৰায়দান

News18-Assam
Updated:October 16, 2019, 5:32 PM IST
অযোধ্যা বিবাদঃ শুনানি শেষ, নৱেম্বৰৰ তৃতীয় সপ্তাহত চূড়ান্ত ৰায়দানৰ সম্ভাৱনা
২৩ দিনৰ পিছতেই বিবাদৰ ৰায়দান
News18-Assam
Updated: October 16, 2019, 5:32 PM IST
সমাপ্ত হ’ল অযোধ্যাৰ ভূমি কেন্দ্ৰীক বিবাদৰ শুনানি। নাটকীয় ভাবে সমাপ্ত হ’ল অযোধ্যা বিবাদৰ শুনানি। উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে গোচৰটোৰ ৰায়দান। ২৩ দিনৰ পিছত ৰাম মন্দিৰ–বাবৰি মছজিদৰ ভূমি বিবাদৰ চূড়ান্ত ৰায়দান কৰিব উচ্চতম ন্যায়ালয়ে। আগন্তুক তিনি দিন লিখিত ভাবে নোট দিব পাৰিব আবেদনকাৰীয়ে।

উল্লেখ যোগ্য যে, ৰাম মন্দিৰ–বাবৰি মছজিদৰ ভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ত শুনানিৰ মাজতে সৃষ্টি হ’ল এখন নাটক!  একেৰাহে ৪০দিন অব্যাহত থকা শুনানিৰ বুধবাৰে মুছলিম পক্ষৰ অধিবক্তা ৰাজীৱ ধৱনে হিন্দু মহাসভাৰ তৰফৰ পৰা কৰ্টত উপস্থাপন কৰা ৰাম জন্মভূমিৰ নক্সা ফালি পেলায়। অধিবক্তা ৰাজীৱ ধৱনৰ এই কাৰ্যত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ক্ষুব্ধ হৈ পৰে। তেওঁ ধৱনক উদ্দেশ্যি ক্ষোভেৰে কয় যে এনেদৰে আচৰণ কৰিলে কৰ্টৰ কাৰ্যাৱলী পৰিচালনা কৰাত অসুবিধা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি