অযোধ্যা বিবাদৰ শুনানি সম্পূৰ্ণ, আজি গোচৰটোৰ সংশ্লিষ্ট দিশসমূহ আলোচনা কৰিব বিচাৰপীঠে
News18-Assam Updated:October 17, 2019, 8:38 AM IST

ৰাজনৈতিক দৃষ্টিকোণৰ পৰা অত্যন্ত সংবেদনশীল এই বিষয়টোৰ ওপৰত ১৭ নৱেম্বৰৰ পূৰ্বে ৰায় দিয়াৰ সম্ভাৱনা আছে। কিয়নো ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।
ৰাজনৈতিক দৃষ্টিকোণৰ পৰা অত্যন্ত সংবেদনশীল এই বিষয়টোৰ ওপৰত ১৭ নৱেম্বৰৰ পূৰ্বে ৰায় দিয়াৰ সম্ভাৱনা আছে। কিয়নো ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।
- News18 Assam
- Last Updated: October 17, 2019, 8:38 AM IST
ইফালে, ন্যায়ালয়ে ছুন্নী ৱাকফ ব’ৰ্ডৰ দাবী প্ৰত্যাহাৰক লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। মধ্যস্থতা পেনেলৰ প্ৰতিবেদন ৰাজহুৱা কৰা প্ৰয়োজন আছেনে নাই সেই বিষয়টোক লৈও এই বৈঠকত আলোচনা কৰা হ’ব।
দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে এলাহাবাদ উচ্চ ন্যায়ালয়ে ২০১০ চনৰ ছেপ্টেম্বৰত দিয়া ৰায়ৰ বিৰুদ্ধে দাখিল হোৱা আবেদনৰ ওপৰত ৬ আগষ্টৰ পৰা দৈনিক শুনানি গ্ৰহণ কৰে। ৪০ দিন ধৰি চলিল এই গোচৰৰ শুনানি। বিভিন্ন পক্ষই নিজৰ নিজৰ মতামত দাখিল কৰে ন্যায়ালয়ত।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।