অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে গঠন কৰা হ’ব এটা ন্যাস। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে গঠন কৰা হ’ব এটা ন্যাস। অযোধ্যা বিবাদৰ ৰায়দান উচ্চতম ন্যায়ালয়ৰ। বিবদমান ভূমি ৰামলালাক অৰ্পণ। বিবদমান ভূমিৰ ভাগ–বাটোৱাৰা নহয় বুলি স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে। লগতে মছজিদ নিৰ্মাণৰ বাবে চুন্নি ৱাকফ বৰ্ডত বিকল্প স্থানত ভূমি দিয়াৰ নিৰ্দেশ। অন্য ঠাইত ৫ একৰ ভূমি দিয়া হ’ব মছজিদ নিৰ্মাণৰ কাৰণে। আনহাতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে গঠন কৰা হ’ব এটা ন্যাস। ন্যাসৰ তত্বাৱধানত অযোধ্যাত নিৰ্মাণ হ’ব ৰাম মন্দিৰ। ৩মাহৰ ভিতৰত ন্যাস গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে নিৰমোহী আখাৰাৰ সকলো দাবী খাৰিজ কৰে।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে শণিবাৰে পুৱা চাৰে দহ বজাত এই চূড়ান্ত ৰায় পঢ়ি শুনায়। উচ্চতম ন্যায়ালয়ে নিজৰ ৰায়দানত বিবদমান ভূমি ৰামললা বিৰাজমনক দিয়াৰ কথা কয়। লগতে ছুন্নী ৱাকফ বৰ্ডত অযোধ্যাতে ৫একৰ ভূমি দিয়াৰ নিৰ্দেশ দিয়ে।
শতিকাজোৰা বিবাদৰ অৱসানৰ অন্তত প্ৰদান কৰা এই ঐতিহাসিক ৰায় প্ৰদান কৰে অসম সন্তান মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে শণিবাৰে পুৱা তেওঁ সকলোকে শান্তিৰ আপীল কৰে। ইয়াৰ পিছতে ৫জনীয়া বিচাৰপীঠৰ আটাইকেইজন ন্যায়াধীশে চূড়ান্ত ৰায়ত স্বাক্ষৰ কৰে।
এয়াও পঢ়কঃ
Ayodhya Verdict: ১৬৯ বছৰীয়া ভূমি–বিবাদ আৰু ৬৯ বছৰীয়া আইনী যুঁজ Published by: Sanjay Kumar Das
First published: November 09, 2019, 11:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|