• Home
  • »
  • News
  • »
  • nation
  • »
  • উত্তৰাখণ্ডৰ দ্ৰৌপদী কা দাণ্ডা–২ পৰ্বত শৃংগত হিমস্খলনত আৱদ্ধ নেহৰু মাউণ্টেনিয়াৰিং ইনষ্টিটিউটৰ ৪১ জনীয়া দল; ১১ জনৰ মৃতদেহ উদ্ধাৰ

উত্তৰাখণ্ডৰ দ্ৰৌপদী কা দাণ্ডা–২ পৰ্বত শৃংগত হিমস্খলনত আৱদ্ধ নেহৰু মাউণ্টেনিয়াৰিং ইনষ্টিটিউটৰ ৪১ জনীয়া দল; ১১ জনৰ মৃতদেহ উদ্ধাৰ

নেহৰু মাউণ্টেনিয়াৰিং ইনষ্টিটিউটৰ ৪১ জনীয়া এটা দল উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দাণ্ডা–২ পৰ্বত শৃংগত মঙলবাৰে হোৱা হিমস্খলনৰ বাবে আবদ্ধ হয়।

নেহৰু মাউণ্টেনিয়াৰিং ইনষ্টিটিউটৰ ৪১ জনীয়া এটা দল উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দাণ্ডা–২ পৰ্বত শৃংগত মঙলবাৰে হোৱা হিমস্খলনৰ বাবে আবদ্ধ হয়।

নেহৰু মাউণ্টেনিয়াৰিং ইনষ্টিটিউটৰ ৪১ জনীয়া এটা দল উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দাণ্ডা–২ পৰ্বত শৃংগত মঙলবাৰে হোৱা হিমস্খলনৰ বাবে আবদ্ধ হয়।

  • Share this:
উত্তৰাখণ্ডৰ আৰক্ষীয়ে আজি ৫ অক্টোবৰত নেহৰু মাউণ্টেনিয়াৰিং ইনষ্টিটিউট প্ৰশিক্ষাৰ্থীৰ এখন তালিকা প্ৰস্তুত কৰে যিসকল লোক দ্ৰৌপদী কা দাণ্ডা–২ পৰ্বত শৃংগত হিমস্খলনৰ পাছত সন্ধানহীন হৈ আছে।

মঙলবাৰে অৰ্থাৎ ৪ অক্টোবৰ তাৰিখে নেহৰু মাউণ্টেনিয়াৰিং ইনষ্টিটিউট(Nehru institute of Mountaineering, NIM)ৰ ৪১ জনীয়া এটা দল উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দাণ্ডা–২ পৰ্বত শৃংগত হিমস্খলনৰ বাবে আবদ্ধ হয়। এই কথা NIMৰ অধ্যক্ষ অমিত বিষ্টে জনায়।

অমিত বিষ্টৰ মতে, বৰ্তমানলৈকে দহজনক দেখা গৈছে যাৰ ভিতৰত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই চাৰিজন লোকৰ মৃত্যু নিশ্চিত কৰিছে। তেওঁ জনায় যে মঙলবাৰে পুৱা ৮ বাজি ৪৫ মিনিটত হিমস্খলনৰ ঘটনা সংঘটিত হৈছিল।

উত্তৰাখণ্ড চৰকাৰৰ মতে, এছডিআৰএফৰ ৫ জনীয়া দল আৰু ৩ জনীয়া NIM প্ৰশিক্ষকক ডক্ৰিয়ানি হিমবাহত হেলিকপ্টাৰেৰে ঘটনাস্থলীত নমোৱা হৈছিল। হিমস্খলনৰ ফলত আঘাতপ্ৰাপ্ত প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহীসকল ১৭,০০০ ফুট উচ্চতাত আৱদ্ধ হৈ থকাৰ জাননী আইএএফে অৱগত কৰিছে বুলি চৰকাৰে জনায়। বুধবাৰে ৰাতিপুৱা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হোৱাৰো কথা জানিবলৈ দিয়ে ৰাজ্যখনৰ চৰকাৰে।

হিমস্খলনৰ পাছত NIMএ এটা বিবৃতি প্ৰকাশ কৰি কয় যে, ৪১ জনীয়া দলটো ২৫ ছেপ্টেম্বৰত বেচ কেম্পত উপস্থিত হৈছিল। ৪ অক্টোবৰৰ প্ৰশিক্ষণ সূচী অনুসৰি, পৰ্বতশৃংগৰ পৰা উভতি অহাৰ সময়ত পুৱা ৪ বজাত উচ্চ উচ্চতা নেভিগেশ্বন আৰু উচ্চতা বৃদ্ধিৰ বাবে পাঠ্যক্ৰমটো ৫৬৭০মিটাৰ দৈৰ্ঘ্যৰ দ্ৰৌপদী কা দাণ্ডা–২লৈ স্থানান্তৰিত হৈছিল, এডভান্স মাউন্টেনিয়াৰিং পাঠ্যক্ৰমটো শিবিৰ-১ৰ ওপৰত এটা হিমস্খলনৰ সন্মুখীন হৈছিল। মঙলবাৰে পুৱা ৮ বাজি ৪৫ মিনিটত হিমস্খলনত NIMৰ দলটোৰ ৩৪ জন প্ৰশিক্ষাৰ্থী আৰু ৭ জন পৰ্বতাৰোহী প্ৰশিক্ষক আৱদ্ধ হৈছিল।

ইয়াত লগতে বিবৃতিত বৰ্তমান উদ্ধাৰ কাৰ্য চলি থকাৰ কথা উল্লেখ আছে। এছডিআৰএফ, এনডিআৰএফ আৰু ভাৰতীয় বায়ু সেনাই উদ্ধাৰত সহায় কৰি আছে যিয়ে এতিয়ালৈকে ১১টা মৃতদেহ উদ্ধাৰ কৰিছে।


উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সামাজিক মাধ্যম টুইটাৰত উল্লেখ কৰে যে, এনডিআৰএফ, এছডিআৰএফ, ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) আৰু NIMৰ পৰ্বতাৰোহীৰ এটা দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে দ্ৰৌপদী কা দণ্ডা-২ পৰ্বতশৃংগত হিমস্খলনত আৱদ্ধ প্ৰশিক্ষাৰ্থীসকলক অতি সোনকালে উদ্ধাৰ কৰিবলৈ NIMৰ দলৰ সৈতে জিলা প্ৰশাসন, NDRF, SDRF, সেনা আৰু আইটিবিপিৰ জোৱানসকলে দ্ৰুত সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে।

মুখ্যমন্ত্ৰী পুষ্কৰ সিঙে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংৰ সৈতে ফোনৰ মাধ্যমেৰে যোগাযোগ স্থাপন কৰে আৰু উদ্ধাৰ অভিযান চলোৱাৰ বাবে সেনাৰ সহায় বিচাৰে বুলি জানিব পৰা গৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি