Attack on Delhi CM Arvind Kejriwal house: বিজেপি যুৱ মৰ্চাৰ প্ৰতিবাদ চলি থকাৰ মাজতে এই ঘটনা সংঘটিত হয় Attack on Delhi CM Arvind Kejriwal house: বিজেপি যুৱ মৰ্চাৰ প্ৰতিবাদ চলি থকাৰ মাজতে এই ঘটনা সংঘটিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal) ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ। এই কথা সদৰী কৰিছে দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মণীষ শিশোদিয়াই। মণীষ শিশোদিয়াই (Manish Sisodia ) এই সম্পৰ্কে টুইট কৰি কয় যে অসামাজিক চক্ৰই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত আক্ৰমণ কৰিছে আৰু চিচিটিভি কেমেৰা আৰু নিৰাপত্তা প্ৰতিবন্ধকতা ভাঙিছে। গেটৰ বুম বেৰিয়াৰবোৰো ভাঙি পেলোৱা হৈছে। ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাধায়ো এই বিষয়টোত টুইট কৰি কয় বিজেপিক আক্ৰমণ কৰি কয়– ''বিজেপিৰ গুণ্ডাসকলে মাননীয় মুখ্যমন্ত্ৰীৰ ঘৰত কৰা আক্ৰমণ অত্যন্ত নিন্দনীয়। আৰক্ষীৰ উপস্থিতিত এই গুণ্ডাসকলে বেৰিকেড ভাঙিছিল, চিচিটিভি কেমেৰা ভাঙিছিল। পঞ্জাৱৰ পৰাজয়ৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ সমৰ্থকে এনে কঠোৰ ৰাজনীতিত নামি পৰিছে।''
উত্তৰ দিল্লীৰ ডিচিপিয়ে এই সন্দৰ্ভত কয়- ''বিজেপি যুৱ মৰ্চাৰ প্ৰতিবাদ চলি আছিল, য'ত প্ৰতিবাদকাৰীসকলে হুলস্থূল সৃষ্টি কৰিছিল, চিচিটিভি আক্ৰমণ কৰিছিল, গেটত ৰং ছটিয়াই দিয়া হৈছিল। আমি ৫০ জন লোকক আটক কৰিছোঁ। এই মুহূৰ্তত সম্পূৰ্ণ শান্তি আছে।''
Published by: Gautam Barman
First published: March 30, 2022, 15:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|