লাডাখ সীমান্তত ভাৰত–চীনৰ ভয়ংকৰ সংঘাত, কমেও ২০জন ভাৰতীয় জোৱান ছহীদ

ফাইল ফটো
পূৱ লাডাখৰ গলৱান ঘাটীত কমেও ২০জন সেনা জোৱান ছহীদ। হতাহত চীনৰো কেবাজনো সৈনিক।
- News18 Assam
- Last Updated: June 17, 2020, 4:41 PM IST
Indian intercepts reveal that Chinese side suffered 43 casualties including dead and seriously injured in face-off in the Galwan valley: Sources confirm to ANI pic.twitter.com/xgUVYSpTzs
— ANI (@ANI) June 16, 2020
ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ (Foreign Ministry) প্ৰৱক্তা অনুৰাগ শ্ৰীবাস্তৱে কয় যে ভাৰত আৰু চীনৰ মাজত সেনা আৰু কূটনৈতিক স্তৰত কথা বতৰা চলি আছে। পৰিস্থিতি শাম কটাবলৈ চেষ্টা কৰি থকা হৈছে।
পুৱা সেনাই জনাইছিল যে ভাৰতে এজন সেনা বিষয়া আৰু দুজন সৈন্য সংঘাতত হেৰুৱাইছিল। চীনৰো যথেষ্ট সংখ্যক সেনা হতাহত হোৱাৰ তথ্য প্ৰকাশ পাইছিল। অৱশ্যে এতিয়াও চীনৰ কিমানজন সেনা এই সংঘৰ্ষত হতাহত সেয়া স্পষ্টকৈ জানিব পৰা হোৱা নাই। ভাৰতৰ ছহীদ সেনা বিষয়াজন হৈছে ১৬ বিহাৰ ৰেজিমেণ্টৰ কামাণ্ডিং অফিচাৰ কৰ্নেল সন্তোষ বাবু আনহাতে ছহীদ হোৱা আন দুজন সেনা হৈছে কে পিলানী আৰু ওঝা।