তেহৰাণঃ ছাদৰ ৰেলিঙত গভীৰ অন্তৰংগ প’জত চুম্বনৰত দুই এথলীট। তেহৰাণ চহৰৰ সৌন্দৰ্য চৌপাশে। গধূলিৰ সুন্দৰ পৰিৱেশত তোলা এই ফটোসমূহ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰম্ভ হ’ল দুয়োৰে বিপত্তি। কাৰণ ইৰাণৰ শ্বৰীয়ত আইন মতে এয়া অপৰাধ।
ইৰাণৰ বিখ্যাত দুই পাৰ্ক’ৰ এথলীট (Parkour Athlete) গ্ৰেপ্তাৰ কৰিলে স্থানীয় আৰক্ষীয়ে। এথলীটৰ নাম আলিৰেজা জাপালেঘি। ইনষ্টাগ্ৰামত সেই দৃশ্য ভাইৰেল হৈছিল। তেহৰাণৰ আৰক্ষী বিভাগৰ মুৰব্বী হুছেন ৰহিমিয়ে জনায়, দুয়োজনকে চাইবাৰ ক্ৰাইমৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকে বিকৃত কাম কৰিছে।
জাপালেঘিক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁৰ প্ৰেয়সীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে বিবৃতিত প্ৰকাশ কৰে, ‘ল’ৰা–ছোৱালীহালে অনৈতিক তথা বিধৰ্মীৰ দৰে আচৰণ কৰিছে। তেওঁলোকক আইনী পথেৰে গ্ৰেপ্তাৰ কৰা হৈছে।’
ইৰাণৰ আইন মতে এয়া বেআইনী হ’লেও ছচিয়েল মিডিয়াত এতিয়া বহুতেই এথলীটকেইগৰাকীৰ সমৰ্থনত থিয় দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|