News18 AssamNews18 Assam
|
News18-Assam Updated:January 22, 2021, 5:02 PM IST
অটল পেন্সন যোজনাৰ অধীনত ঘৰত বহি খুলিব পাৰিব একাউণ্ট। ৬০বছৰ পিছত আজীৱন লাভ কৰিব পেন্সন।
অটল পেন্সন যোজনাৰ অধীনত ঘৰত বহি খুলিব পাৰিব একাউণ্ট। ৬০বছৰ পিছত আজীৱন লাভ কৰিব পেন্সন।
নতুন দিল্লীঃ নিজৰ ভৱিষ্যতক আৰ্থিক ৰূপত সুৰক্ষিত কৰিবলৈ কেন্দ্ৰ চৰকাৰে আগবঢ়োৱা অটল পেন্সন যোজনাৰ (Atal Pension Yojna) লাভ উঠাব পাৰে। এই আঁচনিৰ অধীনত কম বিনিয়োগতে ৰিটায়াৰমেণ্টৰ পিছত যথেষ্ট সহায় লাভ কৰিব। চৰকাৰৰ এই আঁচনিৰ অধীনত চাবস্ক্ৰাইবাৰ্চৰ সংখ্যা প্ৰায় ২.৫০কোটিৰ আশে–পাশে। অটল পেন্সন যোজনাৰ অধীনত অসংগঠিত ক্ষেত্ৰৰ লোকলৰ কাৰণে প্ৰতিমাহে পেন্সনৰ সুবিধা আছে। দৰিদ্ৰ আৰু মজদুৰ গোটৰ মানুহে এই আঁচনিৰ লাভ উঠাবলৈ চেষ্টা কৰিব পাৰে। এই কাৰণতে নিজৰ বৃদ্ধাৱস্থাত বিত্তীয় ৰূপটো সুৰক্ষিত কৰিবলৈ এই আঁচনিৰ লাভ উঠাব পাৰে। জানো আহক এই স্কীমৰ বিষয়ে।
মাত্ৰ ৪২টকাত আৰম্ভ কৰক বিনিয়োগ
এই মাহৰ অক্টোবৰৰ শেষৰ ফালে চাবস্ক্ৰাইবাৰ্চৰ ক্ষেত্ৰত ৩৪.৫১ শতাংশ বাঢ়িছে। ভাল কথা এইটো যে এই স্কীমত আপুনি মাত্ৰ ৪২টকা প্ৰতিমাহে আদায় দি আজীৱন পেন্সন লাভ কৰিব পাৰে। ইয়াৰ কাৰণে ১৮ বছৰত এই স্কীমৰ সৈতে জৰিত হ’ব লাগিব। ইয়াৰ পিছত প্ৰতিমাহে ৪২টকাকৈ আদায় দি ৬০বছৰ বয়স পাৰ কৰাৰ পিছত আপুনি ১হাজাৰ টকাকৈ মাহেকত পেন্সন লাভ কৰিব। আনহাতে আপুনি যদি ২১০টকাকৈ মাহে থয় তেনেহ’লে আপুনি ৫হাজাৰ টকাকৈ মাহে পেন্সন লাভ কৰিব।
আপোনাক জনাও যে অটল পেন্সন যোজনাৰ উদ্দেশ্য বৃদ্ধাৱস্থাত আয়ৰ সুৰক্ষা প্ৰদান কৰা। ইয়াত ৬০বছৰ বয়সৰ পিছত ন্যূনতম পেন্সনৰ ভৰসা প্ৰদান কৰা হয়। এই আঁচনি দেশৰ যিকোনো ১৮ৰ পৰা ৪০বছৰীয়া নাগৰিকে গ্ৰহণ কৰিব পাৰে। আঁচনিৰ বিশেষত্ব এইটোৱে যে ইয়াত অংশীদাৰজনৰ মৃত্যু হ’লে পেন্সন তেওঁৰ স্বামী বা স্ত্ৰীক প্ৰদান কৰা হয়। কেৱল ইমানেই নহয় দুয়োৰে মৃত্যুৰ পিছত পেন্সন কোষত জমা ৰাশি নমিনীক প্ৰদান কৰা হয়।
মৃত্যুৰ পিছতো পাব স্কীমৰ সুবিধা
যদি ৬০বছৰৰ পূৰ্বেই আঁচনিৰ সৈতে জৰিত কোনো ব্যক্তিৰ মৃত্যু হয় তেতিয়া তেওঁৰ পত্নীয়ে এই আঁচনিত টকা জমা কৰিব পাৰে আৰু ৬০বছৰ পিছত প্ৰতিমাহে পেন্সন লাভ কৰিব পাৰে। দ্বিতীয় বিকল্প আছে যে সেই ব্যক্তিৰ পত্নীয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত একেলগে ধনৰাশি দাবী কৰিব পাৰে। যদি পত্নীৰো মৃত্যু হয় তেতিয়া একেলগে সেই ধনৰাশি তেওঁৰ নমিনীক প্ৰদান কৰা হয়।
ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে খুলিব পাৰে একাউণ্ট
চেভিংছ বেংক একাউণ্ট ধাৰকে ইণ্টাৰনেট বেংকিঙৰ জৰিয়তেও অটল পেন্সন আঁচনিৰ (APY) অধীনত একাউণ্ট খুলিব পাৰে। পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভলপমেণ্ট অথ’ৰিটী (PFRDA), APY-POPs –এ নিজৰ বৰ্তমানপ চেভিংছ একাউণ্ট হল্ডাৰসকলক অনলাইন APY একাউণ্ট খুলিবলৈ এক বৈকল্পিক মাধ্যম আগবঢ়াবলৈ অনুমতি প্ৰদান কৰে। নতুন মাধ্যমৰ অধীনত ব্যক্তিয়ে ইণ্টাৰনেট বেংকিং বা ম’বাইল এপৰ ব্যৱহাৰ নকৰাকৈ APY একাউণ্ট খুলিব পাৰিব।