মুখ্যপৃষ্ঠা »খবৰ »দেশ »অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় পূণ্যতিথি আজি, ৰাষ্ট্রপতি কোবিন্দ, প্ৰধানমন্ত্ৰী মোদীয়ে জনালে শ্ৰদ্ধাঞ্জলি

অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় পূণ্যতিথি আজি, ৰাষ্ট্রপতি কোবিন্দ, প্ৰধানমন্ত্ৰী মোদীয়ে জনালে শ্ৰদ্ধাঞ্জলি

গৃহ মন্ত্ৰী অমিত শ্বাহেও বাজপেয়ীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

গৃহ মন্ত্ৰী অমিত শ্বাহেও বাজপেয়ীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

  • Share this:
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি দ্বিতীয় পূণ্যতিথি। সমগ্ৰ দেশে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ জনাইছে শ্ৰদ্ধাঞ্জলি। ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰে বাজপেয়ীক। ৰাষ্ট্রপতি কোবিন্দ, প্ৰধানমন্ত্ৰী মোদী, উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংসহ আন বহু নেতাই দেওবাৰে পুৱা দিল্লীস্থিত সমাধিস্থলত উপস্থিত হৈ বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনাই টুইটাৰত মোদীয়ে লিখিছে, ‘শ্ৰদ্ধাৰ অটলজীক তেওঁৰ পূণ্যতিথিত শ্ৰদ্ধাঞ্জলি। ভাৰতে সদাই তেওঁৰ উৎকৃষ্ট সেৱা আৰু দেশৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ প্ৰয়াসক মনত ৰাখিব।’ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কন্যা নমিতা কৌল ভট্টাচাৰ্য আৰু নাতিনী নিহাৰিকায়ো সমাধিস্থলত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


গৃহ মন্ত্ৰী অমিত শ্বাহেও বাজপেয়ীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। টুইটাৰত শ্বাহে লিখিছে, ‘ভাৰত ৰত্ন শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী দেশভক্তি আৰু ভাৰতীয় সংস্কৃতিৰ কণ্ঠ আছিল। তেওঁ এগৰাকী ৰাষ্ট্র সমৰ্পিত ৰাজনেতাৰ লগতে সংগঠক আছিল, যিয়ে বিজেপিৰ ভেটি বিস্তাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু কোটি কোটি কৰ্মকৰ্তাক দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰিছিল।’

শেহতীয়া বাতৰি