গাত জুই লগোৱাৰ পিছত মহিলাই ক’লে–গেংগৰেপৰ পৰা বাচিলো!

শৰীৰৰ ৮০শতাংশৰো অধিক অগ্নিদগ্ধ হোৱা মহিলাগৰাকীক তেওঁৰ পিতৃয়ে বিক্ৰী কৰি দিছিল। জন্মদাতা পিতৃয়ে বিক্ৰী কৰি দিয়াৰ পিছত এবাৰ, দুবাৰ নহয় কেইবাবাৰো দলৱদ্ধ বলাৎকাৰৰ বলি হৈছিল কমবয়সীয়া অসহায় মহিলাগৰাকী। 

news18
Updated:May 14, 2019, 9:38 AM IST
গাত জুই লগোৱাৰ পিছত মহিলাই ক’লে–গেংগৰেপৰ পৰা বাচিলো!
শৰীৰৰ ৮০শতাংশৰো অধিক অগ্নিদগ্ধ হোৱা মহিলাগৰাকীক তেওঁৰ পিতৃয়ে বিক্ৰী কৰি দিছিল। জন্মদাতা পিতৃয়ে বিক্ৰী কৰি দিয়াৰ পিছত এবাৰ, দুবাৰ নহয় কেইবাবাৰো দলৱদ্ধ বলাৎকাৰৰ বলি হৈছিল কমবয়সীয়া অসহায় মহিলাগৰাকী। 
news18
Updated: May 14, 2019, 9:38 AM IST
উত্তৰ প্ৰদেশৰ হাপুড়ত পোহৰলৈ আহিছে এই জঘন্য, বৰ্বৰ অপৰাধৰ ঘটনা। ২৮এপ্ৰিলত এগৰাকী মহিলাই নিজৰ গাত অগ্নিসংযোগ কৰি গুৰুতৰ অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে। শৰীৰৰ ৮০% অগ্নিদগ্ধ হোৱা মহিলাগৰাকীক তেওঁৰ পিতৃয়ে বিক্ৰী কৰি দিছিল। ইয়াৰ পিছত ধাৰাবাহিকভাৱে এচাম বন্য জন্তুৱে বাৰে বাৰে দলৱদ্ধ বলাৎকাৰ কৰিছিল তেওঁক। মহিলাগৰাকীৰ কাৰণে মৃত্যুৰ যন্ত্ৰণাও যেন ইয়াতকৈ বহুত কম।তেওঁৰ মতে, জ্বলি যোৱাৰ পিছত অন্তঃত এতিয়া কোনেও তেওঁক বলাৎকাৰ কৰিব নোৱাৰিব।

এতিয়া অন্তঃত মই বাচি যাম!

ৰাষ্ট্ৰীয় সংবাদমাধ্যম টাইমছ অৱ ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মহিলাগৰাকীয়ে কয়,

মই মৰি যাব খোজো, এনেকুৱা বেদনা আৰু প্ৰতাৰণা কোনেও সহিবলৈ নিবিচাৰে। এতিয়া কোনেও মোৰ ৰেপ কৰিব নোৱাৰে। শৰীৰটোৱে জ্বলি গ’ল!


মহিলাগৰাকীৰ মতে 

মোৰ দ্বিতীয় স্বামী চয়তান আছিল। নিজৰ লগৰীয়াৰ সৈতে মিলি মোৰ বলাৎকাৰ কৰোৱাইছিল। বহুতেই সেইকাৰেণই ধৰি লৈছিল যে মই সহজলভ্য! মই কেবাবাৰো আৰক্ষীৰ সহায় ল’ব বিচাৰিছিলো। কিন্তু প্ৰত্যেকবাৰেই কোৱা হয় তদন্ত চলি আছে। অক্টোবৰ, ২০১৮ত মই অভিযোগ কৰিছিলো কিন্তু ২০১৯লৈকে কোনেও FIR নল’লে।


মহিলাগৰাকীৰ মতে তেওঁৰ স্বামী তেওঁৰ পিতৃৰে লগৰ আছিল, স্বামীয়ে তেওঁক মাৰ–ধৰ কৰাই নহয় লগৰ পুৰুষৰ সৈতে বলাৎকাৰো কৰিছিল। তেওঁৰ নিজৰ পিতৃ, দুজন ভাতৃ আৰু এগৰাকী ভগ্নীয়ে সহায় কৰাৰ পৰা হোঁহকা–পিচলা কৰিছিল। মহিলাগৰাকীৰ তিনিটা সন্তান। প্ৰথম স্বামীৰ ফালৰ পৰা এটা আৰু দ্বিতীয় স্বামীৰ পৰা এটা আৰু বলাৎকাৰৰ পিছত এটি সন্তানৰ জন্ম হৈছে।প্ৰকৃত ঘটনা কি? 

হাস্পতালত ভৰ্তি মহিলাগৰাকীয়ে ২৮এপ্ৰিলত উত্তৰ প্ৰদেশৰ নিজৰ বাসগৃহত গাত জুই লগাি দিয়ে। ইয়াৰ পিছত মহিলাগৰাকীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে য’ত তেওঁ নিজৰ কাহিনী কোৱা দেখা গৈছে। ভিডিঅ’ত মহিলাগৰাকীয়ে নিজকে বিধৱা বুলি দাবী কৰিছে।তেওঁৰ পিতৃয়ে মাত্ৰ দহহাজাৰ টকাত তেওঁক বিক্ৰী কৰি দিয়াৰ কথাও তেওঁ উল্লেখ কৰিছে।ইয়াৰ পিছত মহিলাগৰাকীৰ সৈতে সংঘটিত হয় কেইবাবাৰো দলৱদ্ধ বলাৎকাৰৰ ঘটনা।আৰক্ষীৰ কাষ চাপিও তেওঁ বিমুখ হ’ল। সকলো ঠাইতে নিৰাশ হৈ তেওঁ নিজৰ শৰীৰটো ধ্বংস কৰি মৃত্যুক আঁকোৱালি লোৱাৰ বাবে এই চৰম পন্থা গ্ৰহণ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি