বিগত ১০ মাৰ্চত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিল যোগী আদিত্যনাথ (Yogi Adityanath)। দুসপ্তাহ পাৰ হৈছে। ইতিমধ্যে সমগ্ৰ উত্তৰ প্ৰদেশত আৰক্ষীৰ ওচৰত ৫০ জনকৈ দাগী অপৰাধীয়ে আত্মসমৰ্পণ কৰিছে বুলি টাইমছ অব ইণ্ডিয়াৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে।
সূত্ৰৰ খবৰ, এনকাউণ্টাৰৰ আশংকাতে আত্মসমৰ্পণ কৰিছে এই অপৰাধীসকলে। কাৰণ প্ৰথম যোগী চৰকাৰৰ আমোলত উত্তৰ প্ৰদেশত একাধিকবাৰ অপৰাধী, কুখ্যাত মাফিয়াক এনকাউণ্টাৰ কৰা অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে। আনকি আৰক্ষীৰ জিম্মাত থকা অপৰাধীৰো এনকাউণ্টাত মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈছে।
টাইমছ অব ইণ্ডিয়াৰ প্ৰতিবেদনত দাবী কৰা হৈছে, বহু অপৰাধীয়ে ডিঙিত প্লেকাৰ্ড ওলমাই আৰক্ষীৰ ওচৰত গৈ আত্মসমৰ্পণ কৰিছে। যি প্লেকাৰ্ডত লিখা আছিল, ‘‘মই আত্মসমৰ্পণ কৰিছো, দয়া কৰি এনকাউণ্টাৰ নকৰিব।’’ যিসকলে আত্মসমৰ্পণ কৰিছে, তেওঁলোকৰ ভিতৰত বহুতো কুখ্যাত অপৰাধী আৰু তেওঁলোকক বহুদিন ধৰি বিচাৰি আছিল আৰক্ষীয়ে।
বিগত ১৫ মাৰ্চত অপহৰণ কাণ্ডত জড়িত গৌতম সিং নামৰ এক কুখ্যাত অপৰাধীয়ে গোণ্ডা জিলাৰ ছাপিয়া থানাত গৈ আত্মসমৰ্পণ কৰে। ইয়াৰ তিনিদিনৰ ভিতৰত ছাহাৰানপুৰৰ চিলকানা থানাত আত্মসমৰ্পণ কৰে আন ২৩ অপৰাধীয়ে।
ইমানেই নহয়, দেওবাঁদ থানাত ধৰা দি চাৰি সুৰা সৰবৰাহকাৰীয়ে জনা, তেওঁলোকে আৰু এই অপৰাধ নকৰে। ছামলি জিলাতো ১৮জনে আত্মসমৰ্পণ কৰে দুখন থানাত। হিমাংশু নামৰ এজন দাগী অপৰাধীয়ে তেওঁক এনকাউণ্টাৰ নকৰিবলৈ ডিঙিত প্লেকাৰ্ড ওলমাই ছিৰছাগঞ্জ থানাত আত্মসমৰ্পণ কৰে।
উত্তৰ প্ৰদেশৰ আইন–শৃংখলাৰ এডিজি প্ৰশান্ত কুমাৰে দাবী কৰিছে, পঞ্চাশজন অপৰাধীয়ে কেৱল আত্মসমৰ্পণ কৰাই নহয়, বৰং অপৰাধমূলক কাম আগলৈ নকৰাৰো প্ৰতিশ্ৰুতি দিছে।