মধ্য প্ৰদেশৰ ৰেৱা জিলাত ভয়াকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১৫জন লোকৰ মৃত্যু হয়। আহত হৈছে আন ৪০জন লোক। এখন বাছৰ সৈতে এখন ট্ৰলী ট্ৰাকৰ সংঘৰ্ষৰ ফলতে এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। খবৰ অনুসৰি, আহতসকলৰ ভিতৰত ২০জন উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে। বাছখন হায়দৰাবাদৰ পৰা উত্তৰ প্ৰদেশৰ গোৰখপুৰলৈ গৈ আচিল। সকলো বাছ যাত্ৰী উত্তৰ প্ৰদেশৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
ৰেৱা জিলাৰ সুহাগী পাহাৰীয়া অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাটো। ৰেৱা জিলাৰ উপায়ুক্ত মনোজ পুষ্পই জনাইছে, আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।
Madhya Pradesh | 14 dead, 40 injured in a collision between a bus and trolley near Suhagi Hills in Rewa. The bus was going from Hyderabad to Gorakhpur. All people on the bus are reportedly residents of Uttar Pradesh. pic.twitter.com/cwN2MUCB7O