দেওবাৰে সন্ধিয়া গুজৰাটৰ মৰবি জিলাত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। মচ্ছু নদীৰ ওপৰত নিৰ্মিত এখন ওলোমা দলং হঠাৎ ভাঙি পৰাত এই দুৰ্ঘটনা সংঘটিত হয়।
দলংখনত প্ৰায় ৪০০ লোক উপস্থিত আছিল, ইয়াৰে ১০০ জন লোক নদীত পৰি যায়। মৰবি অসামৰিক চিকিৎসালয়ৰ বিষয়াসকলৰ মতে, এই দুৰ্ঘটনাত কমেও ৪৫জন লোকৰ মৃত্যু হৈছে, ইয়াৰ বেছিভাগেই শিশু। বিষয়াসকলে জনোৱা মতে, অচেতন অৱস্থাত ৫০ জনতকৈ অধিক লোকক চৰকাৰী চিকিৎসালয়লৈ অনা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখকৈ টকাৰ সাহায্য ঘোষণা কৰাৰ বিপৰীতে আহতসকলক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰে।
তথ্য অনুসৰি মচ্ছু নদীত নিৰ্মিত এই কেবল দলংখন যথেষ্ট পুৰণি আছিল। ইয়াক ঐতিহ্য দলঙত অন্তৰ্ভুক্ত কৰা হৈছিল। খোদ গুজৰাটী নৱবৰ্ষত মেৰামতিৰ অন্তত দেৱালীৰ পিছত পুনৰ মুকলি কৰা হয়। তথ্য অনুসৰি মেৰামতিৰ বাবে প্ৰায় ৭ মাহ ধৰি দলংখন বন্ধ কৰি ৰাখিছিল। মাত্ৰ দুদিন পূৰ্বে মুকলি কৰা হৈছিল। বৰ্তমান উদ্ধাৰ অভিযান চলি আছে। ১০০ জন লোকক দলঙৰ পৰা উলিয়াই অনাৰ প্ৰচেষ্টা চলোৱা হৈছে।