মুখ্যপৃষ্ঠা »খবৰ »দেশ »School Bus Accident: ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল স্কুলবাছ, শিক্ষাৰ্থীসহ ১৬জনৰ মৃত্যু

School Bus Accident: ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল স্কুলবাছ, শিক্ষাৰ্থীসহ ১৬জনৰ মৃত্যু

Himachal Pradesh School Bus Accident: কুলুৰ ডেপুটী পুলিচ কমিচনাৰ আশুতোষ গৰ্গই জনাইছে, বাছখন পুৱা ৮ বজাত দুৰ্ঘটনাত পতিত হয়। নেওলি–শানসেৰ পথত সংগলা গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো।

  • Share this:

হিমাচল প্ৰদেশৰ কুলুত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এখন স্কুল বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৬জনৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত অধিকাংশই স্কুলীয়া ছাত্ৰ–ছাত্ৰী বুলি জানিব পৰা গৈছে। নিয়ন্ত্ৰণ হেৰুৱাই বাছখন এটা খাৱৈত পৰি যায়।

কুলুৰ ডেপুটী পুলিচ কমিচনাৰ আশুতোষ গৰ্গই জনাইছে, বাছখন পুৱা ৮ বজাত দুৰ্ঘটনাত পতিত হয়। নেওলি–শানসেৰ পথত সংগলা গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী–প্ৰশাসনৰ লোক উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰা হয়। স্কুল বাছখনত শিক্ষাৰ্থীসহ মুঠ ৪০জন যাত্ৰী আছিল বুলি জনা গৈছে।

এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে। তেওঁ জনাইছে, ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে। নিহতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

শেহতীয়া বাতৰি