உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Congress Working Committee: পাঁচ ৰাজ্যত বিপৰ্যয়ৰ পিছত দেওবাৰে কংগ্ৰেছৰ CWC বৈঠক, পদত্যাগ কৰিব নেকি ছোনিয়া গান্ধী, ৰাহুল আৰু প্ৰিয়ংকাই? 

    Congress Working Committee: পাঁচ ৰাজ্যত বিপৰ্যয়ৰ পিছত দেওবাৰে কংগ্ৰেছৰ CWC বৈঠক, পদত্যাগ কৰিব নেকি ছোনিয়া গান্ধী, ৰাহুল আৰু প্ৰিয়ংকাই? 

    দেওবাৰে  CWCৰ বৈঠক

    দেওবাৰে CWCৰ বৈঠক

    ইপিনে News18ক দলটোৰ শীৰ্ষ সূত্ৰই জনোৱা মতে, দেওবাৰৰ বৈঠকক নিৰ্বাচনী বিপৰ্যয়ৰ বিষয় আলোচনা হ’ব আৰু CWCয়ে ইয়াৰ দায়িত্ব স্বীকাৰ কৰি অনতিপলমে দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব

    • Share this:
    ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে দেওবাৰে আহ্বান জনাইছে Congress Working Committee (CWC)ৰ বৈঠক । পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পিছত দেওবাৰে বিয়লি ৪ বজাত ২৪ আকবৰ ৰোডত অনুষ্ঠিত হ’ব এই বৈঠক । ইয়াৰ মাজতে দিল্লীৰ একাংশ সংবাদ মাধ্যমত ছোনিয়া গান্ধী (Sonia Gandhi), ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীয়ে পদত্যাগ কৰিবলৈ ওলোৱাৰ বাতৰিয়ে তোলপাৰ লগাইছিল সৰ্বত্ৰ।

    কংগ্ৰেছ নেতৃত্বই পোনছাটে এই বাতৰি  খণ্ডন কৰিছে। দলটোৰ মুখপাত্ৰ ৰণদীপ সিং সূর্যেৱালাই (.Randeep Singh Surjewala) এটা টুইটযোগে এই বাতৰি খণ্ডন কৰি কয়– সূত্ৰৰ ভিত্তিত প্ৰচাৰিত এই বাতৰি মিছা আৰু উদ্দেশ্য প্ৰণোদিত; সংবাদ প্ৰতিষ্ঠানে শাসকীয় বিজেপিৰ প্ৰৰোচনাত এনে বাতৰি সম্প্ৰচাৰ কৰাৰো অভিযোগ উত্থাপন কৰে মুখপাত্ৰগৰাকীয়ে ।

    ইপিনে News18ক দলটোৰ শীৰ্ষ সূত্ৰই জনোৱা মতে, দেওবাৰৰ বৈঠকক নিৰ্বাচনী বিপৰ্যয়ৰ বিষয় আলোচনা হ’ব আৰু CWCয়ে ইয়াৰ দায়িত্ব স্বীকাৰ কৰি অনতিপলমে দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব। উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে  পৰাজয়ৰ মুখ দেখাৰ পিছত সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল । তেতিয়াৰ পৰা ছোনিয়া গান্ধীয়ে অন্তৰ্ৱৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব লৈ আছে ।

    বিয়লি ৪ বজাৰ Congress Working Committeeৰ বৈঠকৰ পূৰ্বে পুৱা ১০ বজাত ছোনিয়া গান্ধীৰ বাসগৃহত দলটোৰ Parliamentary Strategy Groupৰ বৈঠক অনুষ্ঠিত হ’ব। শুক্ৰবাৰে কংগ্ৰেছৰ বিসম্বাদী নেতাৰ সকলৰ একাংশই গোলাম নবী আজাদৰ দিল্লীৰ চৰকাৰী বাসগৃহত মিলিত হৈছিল । দেওবাৰৰ বৈঠকত এইসকলে দলটোৰ স্থায়ী মুৰব্বী শীঘ্ৰে নিৰ্বাচন কৰাৰ দাবী উত্থাপন কৰাৰ সম্ভাৱনা আছে ।
    Published by:Gautam Barman
    First published: