মুখ্যপৃষ্ঠা »খবৰ »দেশ »৫ টকাতে পেট ভৰাই এসাঁজ, নিৰ্বাচনৰ সময়ত দুখীয়াৰ মন জয় কৰাৰ এক অভিনৱ কৌশল!

৫ টকাতে পেট ভৰাই এসাঁজ, নিৰ্বাচনৰ সময়ত দুখীয়াৰ মন জয় কৰাৰ এক অভিনৱ কৌশল!

Source-Google

Source-Google

আৰম্ভ হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মা প্ৰকল্প।

  • Share this:
আৰম্ভ হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মা প্ৰকল্প। যাৰ অধীনত মাত্ৰ ৫ টকাতে ভাত, দালি, ভাজি আৰু কণীৰে এসাঁজ পোৱা যাব। আজি আনুষ্ঠানিক ভাবে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰে মমতা বেনাৰ্জীয়ে। বহুতে কৈছে যে, আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিসহ বিৰোধীক প্ৰত্যাহ্বান জনাবলৈ এনেদৰে সস্তাত খাদ্য যোগান ধৰিব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পিছে এনেধৰণৰ আঁচনি দেশত এইবাৰেই প্ৰথম নহয়।

ইয়াৰ পূৰ্বেও ২০১৭ চনত যেতিয়া উত্তৰ প্ৰদেশত কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীয়ে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছিল, সেই সময়তো কমিউনিটী কিটচেনৰ ওপৰত আলোচনা কৰা হৈছিল। সেই সময়ৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অখিলেশ যাদৱে ঘোষণা কৰিছিল যে, তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিলে, ৰাজ্যত সমাজবাদী কিটচেন প্ৰতিষ্ঠা কৰিব।

এই পথৰ পথিক আছিল জয়াললিতা-

২০১৩ চনৰ ১৯ ফেব্ৰুৱাৰীত এনেধৰণৰ চৰকাৰী পাকঘৰৰ ধাৰণাৰ বাস্তৱ ৰূপ দিছিল তামিলনাডুৰ মুখ্যমন্ত্ৰী জে জয়াললিতাই। নাম দিয়া হৈছিল আম্মা উনাবাগম বা আম্মা কিটচেন। সেইসময়ত এই কেণ্টিনত ১ টকাত ইদলি, ৫টকাত সম্বৰ আৰু ভাত, ৩ টকাত দৈ আৰু ভাত পোৱা গৈছিল। জয়াললিতাকে দেখি পৰৱৰ্তী সময়ত কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু উৰিষ্যা চৰকাৰেও এনে পদক্ষেপ হাতত লৈছিল।

২০১৭ চনত কৰ্ণাটকৰ সেই সময়ৰ মুখ্যমন্ত্ৰী চিড্ডাৰামাইয়াই ইন্দিৰা কিটচেন উদ্বোধন কৰিছিল।

২০২০ চনৰ ২৬ জানুৱাৰীত মহাৰাষ্ট্ৰত শিৱভোজন নামেৰে কমিউনিটী কিটচেন স্থাপিত হয়। ১০ টকাত দুয়া ৰুটি,ভাত, ৰুটি আৰু টৰ্কাৰি যোগান ধৰা হয়।

শেহতীয়া বাতৰি