সন্মুখত পাঁচ ৰাজ্যৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ ঠিক আগে আগে উত্তৰ প্ৰদেশত বিজেপি এৰি আন দলৰ শৰণাপন্ন হৈছে মন্ত্ৰী-বিধায়ক ৷ কিন্তু এইবোৰ কথাই হেনো ক্ষতি নকৰে বিজেপিৰ ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ দাবী পাঁচৰ ভিতৰত পাঁচেই পাব বিজেপিয়ে ৷ লগতে ক'লে, বিজেপিয়ে এইবাৰ ডিজিটেল মাধ্যমৰ কৰিব বহুল ব্যৱহাৰ।
ইতিমধ্যে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা,পঞ্জাব আৰু চুবুৰীয়া ৰাজ্য মণিপুৰৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে ৷ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বৰে পৰা এই পাঁচোখন ৰাজ্যত নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰখা প্ৰত্যেকটো ৰাজনৈতিক দল এতিয়া নিৰ্বাচনী প্ৰচাৰত উঠি-পৰি লাগিছে ৷ কিন্তু কোভিডসৃষ্ট পৰিৱেশৰ বাবে কোনো এটা ৰাজনৈতিক দলে চমকপ্ৰদ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব পৰা নাই ৷
এনে স্থলত নিৰ্বাচনী প্ৰচাৰৰ অন্যতম পন্থা হৈ পৰিছে তথ্য-প্ৰযুক্তিৰ বহুল প্ৰয়োগৰ লগতে সামাজিক মাধ্যমসমূহৰ ব্যৱহাৰ ৷ বিজেপিয়ে এইক্ষেত্ৰত সামাজিক মাধ্যমৰ জৰিয়তে 'মেন টু মেন' সংযোগ গঢ়ি তুলিছে ৷ ব্যৱহাৰ কৰিছে তথ্য প্ৰযুক্তিৰ প্ৰতিটো আহিলা ৷ হাতত থকা চাৰিখন ৰাজ্যৰ লগতে পঞ্জাৱতো জয়ৰ লক্ষ্যৰে নিৰ্বাচনী যুঁজত নমা গেৰুৱা দলটোৰ ২১টা বিভিন্ন বিভাগে দিনে নিশাই কৰিছে সৰু সৰু বুথ সভা ৷
যোগী আদিত্য নাথক ব্ৰেণ্ড হিচাপে লৈ উত্তৰ প্ৰদেশত নিৰ্বাচনী যুঁজত নমা বিজেপিৰ দাবী উত্তৰ প্ৰদেশত 'আকৌ এবাৰ তিনিশ পাৰ' ৷ উত্তৰাখণ্ডত পুষ্কৰ সিং ধামী আৰু উত্তৰ প্ৰদেশত যোগী আদিত্যনাথেই পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ ইংগিত দিলে ৰাষ্ট্ৰীয় নেতা দিলীপ শইকীয়াই ৷ ইয়াৰ বিপৰীতে গোৱাত প্ৰমোদ শাৱন্ত আৰু মণিপুৰত এন বীৰেন সিং মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ'বনে নহয় খুলি নক'লে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ৷
আনহাতে শেহতীয়াকৈ উত্তৰ প্ৰদেশত বিজেপি এৰি আন দললৈ যোৱা-মন্ত্ৰী বিধায়কৰ বাবে নিৰ্বাচনত কোনো প্ৰভাৱ নপৰে বুলি মন্তব্য কৰিলে সাংসদ শইকীয়াই ৷ শইকীয়াৰ মতে, টিকট বঞ্চিত হ'ব বুলি আশংকা কৰি দল এৰা মানুহৰ পৰা ক্ষতি দলৰ আগতেও হোৱা নাছিল, এতিয়াও নহয় ৷ দিলীপ শইকীয়াৰ কথাত প্ৰকাশ পোৱা প্ৰৱল আত্মবিশ্বাস নিৰ্বাচনী ফলাফলত মিলে নে নিমিলে সেয়া সময়েহে স্পষ্ট কৰিব ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|