உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • TMC : মোদীয়ে বাংলাদেশত নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে : তৃণমূল কংগ্ৰেছ

    TMC : মোদীয়ে বাংলাদেশত নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে : তৃণমূল কংগ্ৰেছ

    তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰায়েনৰ স্বাক্ষৰিত এখন অভিযোগ পত্ৰ ইতিমধ্যে তৃণমূল কংগ্ৰেছে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে।

    তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰায়েনৰ স্বাক্ষৰিত এখন অভিযোগ পত্ৰ ইতিমধ্যে তৃণমূল কংগ্ৰেছে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে।

    তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰায়েনৰ স্বাক্ষৰিত এখন অভিযোগ পত্ৰ ইতিমধ্যে তৃণমূল কংগ্ৰেছে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে।

    • Share this:
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ ভ্ৰমণৰ সময়ছোৱাত নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে তৃণমূল কংগ্ৰেছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ২৬ মাৰ্চত বাংলাদেশলৈ গৈছিল। এই ভ্ৰমণসূচীত প্রধানমন্ত্ৰীয়ে দেশখনৰ স্বাধীনতাৰ সোণালী জয়ন্তী আৰু বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিছিল। এই অংশগ্ৰহণত কোনো আপত্তি নাই বুলি উল্লেখ কৰি তৃণমূল কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিদেশৰ ভূমিত অগণতান্ত্ৰিক কার্যত লিপ্ত হৈ চলিত পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত প্ৰযোজ্য নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

    তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰায়েনৰ স্বাক্ষৰিত এখন অভিযোগ পত্ৰ ইতিমধ্যে তৃণমূল কংগ্ৰেছে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা মতে, পশ্চিম বংগৰ শাসকীয় দলটোৱে প্রধানমন্ত্ৰীৰ অৰাকান্দি ভ্রমণকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। দলটোৱে পশ্চিম বংগৰ বিজেপি সাংসদ শান্তনু ঠাকুৰক লগত লৈ প্ৰধানমন্ত্ৰীয়ে সেই স্থান ভ্ৰমণ কৰা কাৰ্য সহজভাৱে ল’ব পৰা নাই। ঠাকুৰ ভাৰত চৰকাৰৰ কোনো দায়িত্বত নথকা সত্ত্বেও তেওঁক লৈ যোৱা আৰু আন দলৰ জনপ্ৰতিনিধিক এই ভ্রমণত অন্তৰ্ভুক্ত নকৰাত মোদীৰ ৰাজনৈতিক অভিপ্ৰায় প্ৰকাশ পাইছে বুলিও উল্লেখ কৰা হৈছে পত্ৰত। দলটোৱে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাইছে।

    উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীয়ে মার্চৰ ২৭ তাৰিখে বাংলাদেশৰ গোপালগঞ্জ জিলাৰ অৰাকান্দিৰ এক মন্দিৰ দৰ্শন কৰিছিল। মটোৱা সম্প্ৰদায়ৰ লোকসকলৰ ধৰ্মীয় প্ৰতিষ্ঠান মটোৱা মহাসংঘৰ এই স্থানতে ১৮৬০চনত জন্ম হৈছিল। মটোৱাসকল বৈষ্ণৱ ধৰ্মী আৰু তেওঁলোকৰ ধৰ্মগুৰু হৰিছন্দ ঠাকুৰৰ জন্মও অৰাকান্দিতে। দেশ বিভাজনৰ পিছত বহু মটোৱা লোক পশ্চিম বংগলৈ আহিছিল।

    বর্তমান পশ্চিম বংগত ১.৫ কোটি মটোৱা ভোটাৰ আছে। উত্তৰ/দক্ষিণ ২৪ পৰগনা আৰু নাদিয়া জিলাত মটোৱাসকলে প্ৰায় ৩৫টা সমষ্টিত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে বুলি ক’ব বিচাৰে ৰাজনৈতিক বিশ্লেষকসকলে। গতিকে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিনা মোদীৰ মন্দিৰ ভ্ৰমণে পশ্চিম বংগৰ মটোৱাসকলক প্ৰভাৱিত কৰিব বুলি ভাৱে তৃণমূল কংগ্ৰেছে।
    Published by:Sanjay Kumar Das
    First published: