உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • পৰিণীতাৰ মৃত্যুৰ ন ন ৰহস্য উদ্ঘাটন কৰিছে কৰ্ণাটক আৰক্ষীয়ে

    পৰিণীতাৰ মৃত্যুৰ ন ন ৰহস্য উদ্ঘাটন কৰিছে কৰ্ণাটক আৰক্ষীয়ে

    বিশাল আৰু পৰিণীতা দুয়ো এয়াৰ এছিয়াৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল।

    বিশাল আৰু পৰিণীতা দুয়ো এয়াৰ এছিয়াৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল।

    বিশাল আৰু পৰিণীতা দুয়ো এয়াৰ এছিয়াৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল।

    • Share this:
    বাংগালুৰুত বুধবাৰে মৃত্যুক সাবটি লোৱা পৰিণীতা বৰাৰ মৃত্যুৰ ন ন ৰহস্য পোহৰলৈ আনিছে কৰ্ণাটক আৰক্ষীয়ে। শেহতীয়াভাৱে কৰ্ণাটকৰ সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰিছে পৰিণীতাৰ মৃত্যুৰ বাতৰিয়ে। বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে নগাঁৱৰ বিশাল ভূঞা নামৰ এজন যুৱক। জানিব পৰা মতে, বিশালৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল পৰিণীতাৰ। সেই সূত্ৰেই বাংগালুৰুত দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল। পৰিণীতাই ২০১৯ বৰ্ষত জন্ম দিছিল এটি কন্যা সন্তানো।

    বিশাল আৰু পৰিণীতা দুয়ো এয়াৰ এছিয়াৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। অতি উচ্চ নিৰিখত দৰমহা লাভ কৰিছিল আৰু বাংগালোৰত সুন্দৰ ভাৱে জীৱন-যাপন কৰিছিল। কিন্তু লকডাউনৰ ফলশ্ৰুতিত বিশাল আৰু পৰিণীতা দুয়োগৰাকীয়ে কৰ্মসংস্থাপন হেৰুৱাইছিল। পৰিণতিত উপাৰ্জনহীন হৈ পৰিছিল দুয়ো। ইয়াৰ পিছতে দুয়োৰে মাজত যথেষ্ট পাৰিবাৰিক অশান্তিয়ে বিৰাজ কৰিছিল। কিন্তু বুধবাৰে হঠাৎ বাংগালুৰুৰ ভাড়াঘৰত পৰিণীতাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

    কি পৰিস্থিতিত পৰিণীতাই মৃত্যুক সাৱটি ল'ব লগা হ'ল সেই বিষয়ে এতিয়াও কৰ্ণাটক আৰক্ষী নিশ্চিত হ'ব পৰা নাই। ইতিমধ্যে পৰিণীতাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।


    ইয়াৰ পিছতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে বিশাল ভূঞাৰ নাম। কৰ্ণাটক আৰক্ষীৰ মতে, সংস্থাপনহীন হৈ আৰ্থিক দুৰৱস্থাত ভোগাৰ বাবেই হয়তো পৰিণীতাই আত্মহত্যাৰ পথ বাচি ল'লে। কিন্তু এবছৰীয়া সন্তানক এৰি পৰিণীতাই কিয় মৃত্যুক সাবটি ল'লে সেয়াও আৰক্ষীৰ বাবে হৈ পৰিছে ৰহস্যজনক। ইতিমধ্যে নগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বাংগালুৰু আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিব বিচৰা নাই নগাঁও চহৰত থকা বিশাল ভূঞাৰ পৰিয়ালে।
    Published by:Sanjay Kumar Das
    First published: