• Home
  • »
  • News
  • »
  • nation
  • »
  • বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু, তেলেংগানাত উদ্ধাৰ চিৰাঙৰ বিজনীৰ স্বপন ৰায়ৰ মৃতদেহ

বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু, তেলেংগানাত উদ্ধাৰ চিৰাঙৰ বিজনীৰ স্বপন ৰায়ৰ মৃতদেহ

একেলগে কৰ্মৰত তথা একেটা ৰুমত ভাৰাতীয়া হিচাপে থকা পশ্চিমবংগৰ যুৱক মুকুল নাথে পৰিয়ালক এই খবৰ জনায়।

একেলগে কৰ্মৰত তথা একেটা ৰুমত ভাৰাতীয়া হিচাপে থকা পশ্চিমবংগৰ যুৱক মুকুল নাথে পৰিয়ালক এই খবৰ জনায়।

একেলগে কৰ্মৰত তথা একেটা ৰুমত ভাৰাতীয়া হিচাপে থকা পশ্চিমবংগৰ যুৱক মুকুল নাথে পৰিয়ালক এই খবৰ জনায়।

  • Share this:
বহিঃৰাজ্যত পুনৰ শ্ৰমিক হিচাপে কৰ্মৰত অসমৰ যুৱকৰ মৃত্যু। চিৰাং জিলাৰ বিজনীৰ বাটাবাৰী নিবাসী যোগেন ৰায়ৰ একমাত্ৰ পুত্ৰ স্বপন ৰায়ৰ মৃতদেহ উদ্ধাৰ হয় বহিঃৰাজ্যত। পোন্ধৰ বছৰে তেলেংগনাৰ ছেকেন্দ্ৰাবাদত পাঞ্জুৱানী কুৰকুৰি কোম্পানীত কৰ্মৰত স্বপন ৰায় ভাৰাঘৰত চিপ লৈ আত্মহত্যা কৰা বুলি পৰিয়ালক লগৰীয়াই অৱগত কৰে। একেলগে কৰ্মৰত তথা একেটা ৰুমত ভাৰাতীয়া হিচাপে থকা পশ্চিমবংগৰ যুৱক মুকুল নাথে পৰিয়ালক এই খবৰ জনায়।

এই খবৰ শুনি পিতৃ–মাতৃ কান্দোনত ভাগি পৰে। এইক্ষেত্ৰত পৰিয়ালৰ লোকে স্বপন ৰায়ৰ আত্মহত্যা সহজভাৱে ল'ব পৰা নাই। পৰিয়াল আৰু স্থানীয় লোকে কোনোবাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। আনহাতে অসম চৰকাৰ আৰু তেলেংগনা চৰকাৰক মৃতদেহ ঘৰলৈ লৈ অহাৰ বাবে সহায় কৰিবলৈ আহ্বান জনায় স্থানীয় লোক আৰু পৰিয়ালে। জানিব পৰা মতে পৰিয়ালৰ তৰফৰ পৰা ঘটনাটোৰ উচিত তদন্তৰ বাবে বিজনী থানাত এজাহাৰ দাখিল কৰিছে।
Published by:Sanjay Kumar Das
First published: