অসমৰ ছুপাৰ মডেলৰ অষ্ট্ৰেলিয়ান স্বামীক মুম্বাইত গ্ৰেপ্তাৰ, ১.৮ কোটিৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ

Sanjay Kumar Das | News18-Assam
Updated:November 25, 2019, 12:56 PM IST
অসমৰ ছুপাৰ মডেলৰ অষ্ট্ৰেলিয়ান স্বামীক মুম্বাইত গ্ৰেপ্তাৰ, ১.৮ কোটিৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ
কেনাবিছ হেল্থ এণ্ড ছায়েন্স প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী বৰহানীৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ।

কেনাবিছ হেল্থ এণ্ড ছায়েন্স প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী বৰহানীৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ।

  • News18 Assam
  • Last Updated: November 25, 2019, 12:56 PM IST
  • Share this:
অসমৰ জনপ্ৰিয় ছুপাৰ মডেলৰ স্বামীক মুম্বাইত গ্ৰেপ্তাৰ। নিষিদ্ধ ড্ৰাগছ সৰবৰাহত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অষ্ট্ৰেলিয়ান নাগৰিক ডাঃ ৰেজা বৰহানীক। ১.৮ কোটি টকা মূল্যৰ LSD টেবলেটৰ সৈতে গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীৰ এণ্টি নাৰ্ক’টিক চেলে।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি, শুকুৰবাৰে নিশা মুম্বাইৰ এখন হোটেলৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে ডাঃ ৰেজা বৰহানীক। কেনাবিছ হেল্থ এণ্ড ছায়েন্স প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী বৰহানীৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক মুম্বাই আৰক্ষীৰ এণ্টি নাৰ্ক’টিক চেলে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ হোৱা ৫০ বছৰীয়া অষ্ট্ৰেলিয়ান নাগৰিকজনে মুম্বাইৰ ধনী আৰু অভিজাতসকলৰ বিলাসী নৈশপাৰ্টীত নিষিদ্ধ ড্ৰাগছৰ যোগান ধৰিছিল। শনিবাৰে তেওঁক আদালতত হাজিৰ কৰোৱাৰ পিছত ২৭ নৱেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি