• Home
  • »
  • News
  • »
  • nation
  • »
  • বলীউদৰ ছুপাৰহিট ছবি ‘ডংগল’, ‘উৰি’, ‘ডাবাং–২’ আদিৰ সফলতাৰ আঁৰত এজন অসমীয়া যুৱক

বলীউদৰ ছুপাৰহিট ছবি ‘ডংগল’, ‘উৰি’, ‘ডাবাং–২’ আদিৰ সফলতাৰ আঁৰত এজন অসমীয়া যুৱক

লক ডাউনৰ পূৰ্বে "ভি" নামৰ দক্ষিণ ভাৰতীয় চিনেমা এখনৰ কাম প্ৰায় সমাপ্ত কৰিছে কিংশুকে।

লক ডাউনৰ পূৰ্বে "ভি" নামৰ দক্ষিণ ভাৰতীয় চিনেমা এখনৰ কাম প্ৰায় সমাপ্ত কৰিছে কিংশুকে।

লক ডাউনৰ পূৰ্বে "ভি" নামৰ দক্ষিণ ভাৰতীয় চিনেমা এখনৰ কাম প্ৰায় সমাপ্ত কৰিছে কিংশুকে।

  • Share this:
মায়ানগৰী মুম্বাইত জিলিকিছে অসমৰ এজন যুৱক। নাম তেওঁৰ কিংশুক মৰাণ। নাহৰকটীয়াৰ আমোলাপট্টিৰ নিৱাসী ৰূপেশ্বৰ মৰাণ আৰু বীণা ভাজনি মৰাণৰ বৰপুত্ৰ কিংশুকে ১০ বছৰৰ আগতে ঢাপলি মেলিছিল মায়ানগৰী মুম্বাইলৈ আৰু সেই সময়তে সানিধ্য লাভ কৰিছিল লেজলি ফাৰ্ণাণ্ডেজ নামৰ এজন ছাউণ্ড ডিজাইনাৰৰ। তাৰ পিছৰে পৰা যেন পিছলৈ ঘূৰি চাব লগা হোৱা নাই কিংশুকে।

কিংশুকে লেজলিৰ পৰা কাম শিকি–বুজি বলীউদৰ হিট ছবি আমিৰ খানৰ ‘ডংগল’, সঞ্জয় লীলা ভাঞ্চালীৰ ‘বাজিৰাও মস্তানী’ৰ লগতে ‘উৰি’, ‘পদ্মাৱতী’, ‘ডাবাং–২ আৰু বহু কেইখন হিট চিনেমাত ছাউণ্ড ডিজাইনিং কৰি বলীউদত নিজৰ বাবে এটুকুৰা ঠাই উলিয়াবলৈ সক্ষম হয়।



ইফালে লক ডাউনৰ পূৰ্বে "ভি" নামৰ দক্ষিণ ভাৰতীয় চিনেমা এখনৰ কাম প্ৰায় সমাপ্ত কৰাৰ পিছতেই অমিতাভ বচ্চন আৰু ৰণবীৰ কাপুৰ অভিনীত ‘ব্ৰহ্মাস্ত্ৰ’ নামৰ চিনেমাখনৰ ছাউণ্ডৰ কামো আৰম্ভ কৰিছে কিংশুকে। মুম্বাইৰ দৰে ৰঙীণ স্বপ্ন নগৰীত জীয়াই থকাৰ অটল সংগ্ৰামখন এতিয়াও শেষ হোৱা নাই তেওঁৰ বাবে। লক্ষ্য আৰু বহুদূৰ আগুৱাই যোৱাৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি