দিল্লীত অসম আৰক্ষীৰ বীৰাংগনা বিস্মিতা লিখকক সাবিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় সন্মান

নলবাৰীৰ দিলীপ কুমাৰ দাস, গোলাঘাটৰ নীলিমা বৰা, ব্ৰজেন দাস, মাজুলীৰ দেৱেন চন্দ্ৰ ভূঞা, মহেন্দ্ৰ কাকতি, সুশীল কুমাৰ শইকীয়া আৰু লখিমপুৰৰ সোমেশ্বৰ নাথকো বিশেষ সন্মান ।

News18-Assam
Updated:July 11, 2019, 6:30 PM IST
দিল্লীত অসম আৰক্ষীৰ বীৰাংগনা বিস্মিতা লিখকক সাবিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় সন্মান
ফাইল ফটোঃবিস্মিতা লিখক
News18-Assam
Updated: July 11, 2019, 6:30 PM IST
দিল্লীত ৰাষ্ট্ৰীয় সন্মান লাভ অসম আৰক্ষীৰ বীৰাংগনা বিস্মিতা লিখকসহ অসমৰ কেইবাজনৰ।  বীৰাংগনা বিস্মিতা লিখকক বীৰাংগনা সাবিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰাৰ লগতে অসম আৰক্ষীত কৰ্মৰত আন্তঃৰাষ্ট্ৰীয় কিক বক্সিং খেলুৱৈ, মাজুলীৰ সাংস্কৃতিক কৰ্মী, লেখক, শিক্ষক, উদ্যোগী, সমাজ কৰ্মীক প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় সন্মান ।

কেন্দ্ৰীয় সমাজ কল্যান আৰু ন্যায় মন্ত্ৰী ৰামদাস আঠৱালে প্ৰদান কৰে এই বঁটাসমূহ।বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য একাডেমীয়ে বাবু জগজীৱন ৰামৰ মৃত্যু তিথিৰ দিনটোত এই পুৰস্কাৰ প্ৰদান কৰে ।

দিলীপ কুমাৰ দাস


বঁটা লাভ কৰা আন সকল ব্যক্তি হৈছে নলবাৰীৰ দিলীপ কুমাৰ দাস, গোলাঘাটৰ নীলিমা বৰা, ব্ৰজেন দাস, মাজুলীৰ দেৱেন চন্দ্ৰ ভূঞা, মহেন্দ্ৰ কাকতি, সুশীল কুমাৰ শইকীয়া আৰু লখিমপুৰৰ সোমেশ্বৰ নাথ ।

এওঁলোকৰ একাংশই লাভ কৰিছে আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান আৰু একাংশই বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় পুৰস্কাৰ ।

অসম আক্ষীত কৰ্মৰত সোনেশ্বৰ বৰা


 
আৰু চাওক পৰৱৰ্তী বাতৰি