ছচিয়েল মিডিয়াত ভুৱা বাতৰি শ্বেয়াৰ কৰাসকল সাৱধান! অসম আৰক্ষীয়ে দিছে কঠোৰ সকীয়নি

News18 Assam | News18-Assam
Updated:February 27, 2020, 4:59 PM IST
ছচিয়েল মিডিয়াত ভুৱা বাতৰি শ্বেয়াৰ কৰাসকল সাৱধান! অসম আৰক্ষীয়ে দিছে কঠোৰ সকীয়নি
কামৰূপ আৰক্ষীয়ে ছচিয়েল মিডিয়াৰ যোগে উৰা বাতৰি প্ৰকাশ কৰা সকলৰ তথ্য দিবলৈ জাৰি কৰিলে ফোন নম্বৰ

কামৰূপ আৰক্ষীয়ে ছচিয়েল মিডিয়াৰ যোগে উৰা বাতৰি প্ৰকাশ কৰা সকলৰ তথ্য দিবলৈ জাৰি কৰিলে ফোন নম্বৰ

  • Share this:
নতুন দিল্লীত ২৩ ফেব্ৰুৱাৰীৰ পৰা অব্যাহত থকা হিংসাত্মক ঘটনাৰ পিছত অসমতো তেনেধৰনৰ পৰিস্থিতি সৃষ্টি কৰাৰ বাবে একাংশ লোকে ছচিয়েল মিডিয়াত আৰম্ভ কৰিছে ভুৱা সংঘৰ্ষৰ ফটো,ভিডিও শ্বেয়াৰ ৷ অসমতো অশান্ত পৰিবেশ সৃষ্টি কৰাৰ বাবে এটা চক্ৰই চলাই আছে ব্যাপক হাৰত অপপ্ৰচাৰ ৷

অসম আৰক্ষীয়ে এনে অপপ্ৰচাৰ ৰোধৰ বাবে জাৰি কৰিছে নিৰ্দেশনা ৷ যি সকল লোকে দায়িত্বহীন ভাৱে যিকোনো কথা ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি আছে  তেনে লোকসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা ৷ বিশেষকৈ একাংশ লোকে নতুন দিল্লীত সংঘটিত হোৱা বুলি পুৰণি ভিডিও প্ৰচাৰ কৰিছে ছচিয়েল মিডিয়াত ৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে এই ক্ষেত্ৰত স্পষ্টীকৰণ দিছে যে যি সমূহ ভিডিঅ’ নতুন দিল্লীত সংঘটিত হৈছে বুলি প্ৰচাৰ কৰিছে সেই ধৰনৰ ঘটনা নতুন দিল্লীত সংঘটিত হোৱা নাছিল ৷

নতুন দিল্লী আৰক্ষী স্পষ্টীকৰণৰ পিচতে কামৰূপ আৰক্ষীয়ে এনে ভুৱা ভিডিঅ’ ভাইৰেল কৰা লোকক ধৰা পেলাবলৈ ছচিয়েল মিডিয়াৰ জৰিয়তে আৰম্ভ কৰিছে সজাগতা ৷ কামৰূপ আৰক্ষীৰ ছচিয়েল মিডিয়া পেজত দিয়া হৈছে সজাগতাৰ বাবে দিছে পোষ্ট ৷ পোষ্টটোত আৰক্ষীয়ে সাধাৰন ৰাইজক এনেধৰণৰ ভিডিঅ’ দেখি ভোল নাযাবলৈ আহ্বান কৰা হৈছে ৷ কোনো লোকে যদি এনে পোষ্ট দেখে তেন্তে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষকক 9435041357, DSP(HQ) 9864039133, SDPO ৰঙিয়াক 8812917412 নম্বৰত যোগাযোগ কৰিবলৈও আহ্বান কামৰূপ আৰক্ষীৰ ৷
Published by: Tulika Devi
First published: February 27, 2020, 4:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading