থমকিল নেকি SI নিযুক্তি কেলেংকাৰীৰ তদন্ত? SP কুমাৰ সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা এখোজো আগবঢ়া নাই CIDৰ অনুসন্ধান

News18 Assam | News18-Assam
Updated:October 28, 2020, 5:59 PM IST
থমকিল নেকি SI নিযুক্তি কেলেংকাৰীৰ তদন্ত? SP কুমাৰ সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা এখোজো আগবঢ়া নাই CIDৰ অনুসন্ধান
বৰ্তমানেও CIDৰ সাহস হোৱা নাই ৰাজনৈতিক নেতাক তদন্তৰ আওঁতালৈ আনিবলৈ ৷

বৰ্তমানেও CIDৰ সাহস হোৱা নাই ৰাজনৈতিক নেতাক তদন্তৰ আওঁতালৈ আনিবলৈ ৷

  • Share this:
অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষাত সংঘটিত কেলেংকাৰীত প্ৰাক্তন ডিআইজি পিকে দত্ত আৰু এচপি কুমাৰ সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ পিছতে অসম আৰক্ষীয়ে লৈছিল বাহ বাহ ৷ কিন্তু এচপি কুমাৰ সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ পিছৰে পৰা আগবঢ়া নাই তদন্ত প্ৰক্ৰিয়া।

প্ৰায় ১৫ দিনৰ অন্তত CIDয়ে SI নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আৰক্ষী নিযুক্তি বৰ্ডে নিয়োগ কৰা বঙাইগাঁৱৰ অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অক্ষয় টেলিকমিউনিকেশ্যনৰ দুই বিষয়ববীয়া ৰুবুল হাজৰিকা আৰু সুৰুজ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীয়ে অক্ষয় চান্দক বিচাৰি আৰম্ভ কৰিছিল অভিযান।

যোৱা ১২ অক্টোবৰত ৰহস্যজনক ভাবে গুৱাহাটীৰ মাৰোৱাৰী হাস্পতালত ভৰ্তি হৈছিল অক্ষয় চান্দ ৷  প্ৰায় ৩ দিন হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছতে চিআইডি সাজু হৈছিল অক্ষয় চান্দক গ্ৰেপ্তাৰ কৰাৰ বাবে ৷ কিন্তু চিআইডিয় গ্ৰেপ্তাৰ কৰাৰ আগতে ৰহস্যজনক ভাবে হাস্পতালৰ বাথৰুমত পৰি আঘাতপ্ৰাপ্ত হয় অক্ষয় চান্দ ৷ ফলত পুনৰ ভৰ্তি কৰোৱাবলগীয়া হয় হাস্পতালত।

দুদিনৰ পিছত পুনৰ হাস্পতালৰ পৰা ৰিলিজ দিবলৈ সাজু হওতেই অক্ষয় চান্দে বুকুৰ বিষ হোৱা বুলি এপ’লো হাস্পতালত ভৰ্তি হয় ৷ তেতিয়াৰ পৰা এপ’লো হাস্পতালতে আছিল অক্ষয় চান্দ ৷

অৱশেষত প্ৰায় ১৫ দিনৰ অন্তত মঙলবাৰে চিআইডিয়ে গ্ৰেপ্তাৰ কৰে অক্ষয় চান্দক ৷ গ্ৰেপ্তাৰ কৰিয়েই কামৰূম মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই আৰু ৪ দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰে ৷ কিন্তু আদালতে অক্ষয় চান্দক আৰক্ষীৰ জিম্মাৰ পৰিৱৰ্তে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়াক ৷

বৰ্তমানলৈকে চিআইডিয়ে কেলেংকাৰীত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছে ২২ জনক। কিন্তু বৰ্তমানেও CIDৰ সাহস হোৱা নাই ৰাজনৈতিক নেতাক তদন্তৰ আওঁতালৈ আনিবলৈ ৷ তাৰ পৰিৱৰ্তে এচপি কুমাৰ সঞ্জয় কৃষ্ণক গ্ৰেপ্তাৰ কৰিয়েই যেন সামৰিছে তদন্ত প্ৰক্ৰিয়া।
Published by: Himangshu Bhuyan
First published: October 28, 2020, 5:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading