অসমৰ ধেমাজি জিলাৰ নিত্যানন্দ কুলি আৰু বনি কুলি যোৱা ২০ দিন ধৰি প্ৰত্যেক দিনাই থিয় হয় গৈ বেংগালুৰুৰ এটা নলাত । জানোচা তেওঁলোকৰ ৬ বছৰীয়া কন্যা সন্তানৰ কিবা বতৰা পাইয়েই । কুলি দম্পতীৰ জীয়াৰী ভূমিকা কুলি যোৱা ২০ দিন ধৰি নিখোজ হৈ আছে ।
বেংগালুৰু মহানগৰৰ Whitefield Divisionৰ মাৰাথাহাল্লী অঞ্চলত পিতৃ মাতৃৰ লগতে এটা অস্থায়ী আশ্ৰয়-স্থলীত বসবাস কৰিছিল কণমানি ভূমিকাই । ঘৰৰ সমীপতে আছে এটা নলা । নলাটোৰ মুখত প্ৰতিৰোধ প্ৰাচীৰ আছে যদিও প্ৰাচীৰৰ বহু স্থানত বৃহৎ-বৃহৎ ছিদ্ৰ । সেয়ে যোৱা জুলাইৰ ১০ তাৰিখে নিখোজ হোৱা ভূমিকা দুৰ্ঘটনাবশতঃ নলাত পৰাৰ আশংকা কৰিছে নিত্যানন্দই ।
নিত্যানন্দই ইংৰাজী দৈনিক টাইমচ অৱ ইণ্ডিয়াক জনোৱা মতে ৬ বছৰীয়া শিশুটো নলাত পৰা সন্দেহ কৰি স্থানীয় National Disaster Response Force-এ ৬ দিন ধৰি নলাৰ ১২ কিলোমিটাৰ পৰ্যন্ত শিশুটি বিচাৰি চলাথ কৰিলে কিন্তু কোনো শুংসূত্ৰ নাপালে । সমীপৰ আৰক্ষী থানা সমূহেও পোৱা নাই কোনো সম্ভেদ ।
নিত্যানন্দই জনোৱা মতে পিতৃ-মাতৃ দুয়ো দৈনিক অপেক্ষা কৰে নলাটোৰ মুখত; জানোচা কিবা সম্ভেদ পায়েই জীয়ৰীৰ ।
৫ বছৰৰ আগতে কুলি দম্পতী বেংগালুৰুলৈ আহিছিল । প্ৰথমতে চহৰখনত দিনা হাজিৰা কৰি পেট মোকলাইছিল পৰিয়ালটোৱে । তাৰ পাছত এটা এপাৰ্টমেণ্টত হাউচ কীপিং ষ্টাফ হিচাপে কৰ্মৰত হৈ আছে দুয়ো । অসমৰ পৰিয়ালৰ লোকে দুয়োকে ঘৰলৈ গুচি আহিবলৈ জোৰ দি আছে । কিন্তু ভুমিকাৰ সন্ধান নোপোৱা লৈকে অসমলৈ নাযায় বুলি জানিবলৈ দিছে নিত্যানন্দই ।
FIRST PUBLISHED : July 31, 2020, 09:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।