লোকসভাত কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ উদত্ত ভাষণ
লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ তীব্ৰ বাকযুদ্ধ অব্যাহত আছে। লোকসভাত অসমৰ পৰা নিৰ্বাচিত বিজেপিৰ সাংসদ সকলে ৰাজ্যত চলি থকা কেব বিৰোধী প্ৰতিবাদক আওকান কৰি হাত চাপৰি বজাই নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰাৰ বিপৰীতে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে তীব্ৰ প্ৰতিবাদ কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ।
গৌৰৱ গগৈয়ে কয় যে, ‘ অসমীয়া কাৰো গোলাম নহয়, আপোনালোকে বিদেশী জাপি দিব আৰু আমি মানি ল’ব লাগিব। অসমো দেশৰ অংগ। অসমলৈ যাওক আৰু পৰিস্থিতি পৰিৱেশৰ বুজ লওঁক। আমাৰ নৰ্থ ইষ্টত বহু জনজাতীয় লোক আছে। জনজাতীয় লোকক সকলৰ স্বাৰ্থ ৰক্ষা কৰা হোৱা নাই এই বিল খনৰ জৰিয়তে।’
গৌৰৱ গগৈয়ে লগতে উল্লেখ কৰে যে,‘ এই বিধেয়কখনৰ সৈতে পোনপটীয়াকৈ জড়িত এন আৰ চি। বিধেয়কখনে সম্পূৰ্ণ ৰূপে ধ্বংস আঘাত হানিব অসম চুক্তিক। প্ৰথমে এন আৰ চি খন শুদ্ধ কৰক। ১৬ শ কোটি খৰচ হ’ল কিন্তু শুদ্ধ নহ’ল এন আৰ চিৰ।’
গৌৰৱ গগৈয়ে লগতে কয় যে, ‘এই বিলখনৰ জৰিয়তে বাংলা সমাজক মিছা আশা দেখুৱাইছে অমিত শ্বাহে। বিধেয়কখনৰ গাইড লাইন কি জনোৱা হোৱা নাই।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|