মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»'অসমে মিজোৰামৰ ৫০৯ বৰ্গ মাইল ভূমি অবৈধ ভাৱে দখল কৰিছে'-মিজো সাংসদৰ পুনৰ বিস্ফোৰক মন্তব্য

'অসমে মিজোৰামৰ ৫০৯ বৰ্গ মাইল ভূমি অবৈধ ভাৱে দখল কৰিছে'-মিজো সাংসদৰ পুনৰ বিস্ফোৰক মন্তব্য

News18 Assam | News18-Assam
Updated:August 5, 2021, 4:51 PM IST
'অসমে মিজোৰামৰ ৫০৯ বৰ্গ মাইল ভূমি অবৈধ ভাৱে দখল কৰিছে'-মিজো সাংসদৰ পুনৰ বিস্ফোৰক মন্তব্য
অসমৰ মুখ্যমন্ত্ৰীৰ আগ্ৰাসী প্ৰৱণতাৰ (Expansionist Tendency) কাৰণে অসমৰ আৰু মিজোৰামৰ সংঘাত হৈছে: কে ভানলালভেনা 

অসমৰ মুখ্যমন্ত্ৰীৰ আগ্ৰাসী প্ৰৱণতাৰ (Expansionist Tendency) কাৰণে অসমৰ আৰু মিজোৰামৰ সংঘাত হৈছে: কে ভানলালভেনা 

  • Share this:
মিজো নেচনেল ফ্ৰণ্টৰ (Mizo National Front)ৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই পুনৰ কেতবোৰ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে । তেওঁ বুধবাৰে দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক দ্যা হিন্দুত দিয়া সাক্ষাৎকাৰত অসমে মিজোৰামৰ ৫০৯বৰ্গ মাইল মাটি অবৈধ ভাৱে দখল কৰি থকাৰ অভিযোগ উত্থাপন কৰে। এই সাক্ষাৎকাৰ বৃহস্পতিবাৰে প্ৰকাশ পাইছে ।

সাক্ষাৎকাৰটোত সাংসদগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীকো আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয়, ''অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী মনোভাৱৰ কাৰণে অসম আৰু মিজোৰামৰ মাজত ৰক্তাক্ত সংঘাতৰ সূত্ৰপাত হৈছে। অসম পুলিচে মিজো ভূমিত আকস্মিক আক্ৰমণ কৰি থকাৰ অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে। এয়া অসমৰ নতুন মুখ্যমন্ত্ৰীৰ আগ্ৰাসনৰ পৰিকল্পনাৰ অংশ বুলিও  ভানলালভেনাই মন্তব্য কৰা বুলি বাতৰিকাকতখনত প্ৰকাশ পাইছে। উক্ত সাক্ষাৎকাৰটোত তেওঁ লগতে কয়  “অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত বাংলাদেশী প্ৰৱজনকাৰীক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল; যিহেতু অসমত ঠাই নাই, সেয়েহে তেওঁ মিজোৰামৰ মাটিত সুমুৱাব বিচাৰিছে।”

উল্লেখযোগ্য যে, সাংসদজনৰ বিৰুদ্ধে ২৬জুলাইৰ ৰক্তাক্ত সংঘাতৰ পিছত বিতৰ্কিত মন্তব্য কৰাৰ কাৰণে অসম পুলিচে গোচৰ ৰুজু কৰিছিল। মিজোৰাম আৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰত গোচৰ ৰুজু কৰিছিল অসম মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও। অৱশ্যে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত দুইখন ৰাজ্যই  এই গোচৰ প্ৰত্যাহাৰ কৰিছে । আনহাতে আজি দুজন অসম চৰকাৰৰ মন্ত্ৰী  – অতুল বৰা আৰু অশোক সিংঘালে শান্তি বার্তা লৈ মিজোৰামলৈ উৰা মাৰিছে। এনে সন্ধিক্ষণত মিজোৰামৰ সাংসদৰ এই মন্তব্যই তাৎপৰ্য বহন কৰিছে ।
Published by: Himangshu Bhuyan
First published: August 5, 2021, 4:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি