• Home
  • »
  • News
  • »
  • nation
  • »
  • Green Firecrackers on Diwali: গ্ৰীণ ফটকা কি? অসম সহ কেইবাখনো ৰাজ্যত এইবাৰ দিপাৱলীত ফটকা জ্বলোৱাক লৈ কঠোৰ বাধা–নিষেধ

Green Firecrackers on Diwali: গ্ৰীণ ফটকা কি? অসম সহ কেইবাখনো ৰাজ্যত এইবাৰ দিপাৱলীত ফটকা জ্বলোৱাক লৈ কঠোৰ বাধা–নিষেধ

দিল্লীত ১ জানুৱাৰী, ২০২২ লৈকে ফটকা জ্বলোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

দিল্লীত ১ জানুৱাৰী, ২০২২ লৈকে ফটকা জ্বলোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

দিল্লীত ১ জানুৱাৰী, ২০২২ লৈকে ফটকা জ্বলোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

  • Share this:
সমাগত দিপাৱলী। কিন্তু ৰাজধানী দিল্লীৰ লগতে অসম সহ বহুকেইখন ৰাজ্যত বায়ু প্ৰদূষণৰ সমস্যালৈ দৃষ্টি ৰাখি (Air Pollution) উদ্বিগ্নতা প্ৰকাশ কৰা হৈছে। এইবাৰ দীপোৎসৱত ‘গ্ৰীণ ফটকা’ৰ নাম আকৌ উচ্চাৰিত হৈছে। উদাহৰণ স্বৰূপে অসমত সন্ধিয়া ৮বজাৰ পৰা ১০বজালৈ কেৱল দুঘণ্টাৰ কাৰণে গ্ৰীণ ফটকা জ্বলোৱাৰ অনুমতি প্ৰদান কৰা হৈছে। ৰাজস্থানতো গ্ৰীণ ফটকা জ্বলোৱাৰহে অনুমতি দিয়া হৈছে। আনহাতে দিল্লীত ফটকা সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে। এতিয়া জানক গ্ৰীণ ফটকা আচলতে কি?

উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা অনুমতি প্ৰাপ্ত গ্ৰীণ ফটকাৰ বেয়া প্ৰভাৱ কম। সাধাৰণ ফটকাৰ তুলনাত ইয়াৰ চেলৰ আকাৰো কম। ২০১৭ চনত ফটকা আৰু আতচবাজিৰ ক্ষেত্ৰত আৰোপ কৰা সম্পূৰ্ণ প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত কিছু ৰেহাই প্ৰদান কৰি শীৰ্ষ আদালতে গ্ৰীণ কেকাৰ্ছৰ অনুমতি দিছিল। ইয়াক কাউন্সিল অৱ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ–নেচনেল এনভায়ৰ’মেণ্টেল ইঞ্জিনিয়াৰিং ৰিচাৰ্চ ইনষ্টিটিউটৰ (CSIR-NEERI) বিশেষজ্ঞসকলে প্ৰস্তুত কৰিছে।

উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা জাৰি কৰা আদেশ অনুসৰি এই গ্ৰীণ ফটকাসমূহ কম ক্ষতিকাৰক কেঁচা মালেৰে প্ৰস্তুত কৰা হয়। এইসমূহ এনেকৈ প্ৰস্তুত কৰা হয় যে ইয়াক জ্বলালে ই ধূলি উৰিবলৈ নিদিয়ে। ইয়াত লিথিয়াম, আৰ্চেনিক, বেৰিয়াম আৰু লীডৰ দৰে কেমিকেলো নাথাকে। এইবোৰ জ্বলিলে কেৱল ভাপ ওলায় আৰু ধূলি নুৰে। অৱশ্যে ইয়াৰ ফলতো পৰিৱেশৰ ওপৰত কিছু প্ৰভাৱ পৰিব পাৰে। তথাপিও এই গ্ৰীণ ফটকাবোৰে ৩০শতাংশক কম পাৰ্টিকুলেট মেটাৰ পলিউচন (PM) ত্যাগ কৰে।

উল্লেখ্য যে, অসমত দিপাৱলী উপলক্ষ্যে ফটকা জ্বলোৱাক লৈ কঠোৰ বিধি–নিষেধ আৰোপ কৰা হৈছে।

দেৱালীৰ প্ৰাকমুহূৰ্তত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে (PCB) ৰাজ্যখনত গ্ৰীন ফটকাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ফুটোৱা আৰু বিক্ৰী কৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (NGT)ৰ নিৰ্দেশনা অনুসৰি উৎসৱৰ বতৰত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দিয়া এই নিৰ্দেশ পৰৱৰ্তী অধিসূচনা জাৰি নকৰালৈকে কাৰ্যকৰী হৈ থাকিব।

এইক্ষেত্ৰত আৰক্ষীয়ে অবৈধ আতচবাজী জমা কৰা লোকসকলক আটক কৰিব। এই সম্পৰ্কে ৰাজ্যখনত লোৱা দৈনিক পদক্ষেপৰ প্ৰতিবেদন পিচিবিৰ ওচৰত দাখিল কৰিব লাগিব।
First published: