உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কেৰালাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী অসমৰ জীয়ৰী, জানেনে মুনমী গগৈৰ বিষয়ে?

    কেৰালাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী অসমৰ জীয়ৰী, জানেনে মুনমী গগৈৰ বিষয়ে?

    কেৰালাৰ স্থানীয় পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰিব বুলি নিশ্চিত অসম জীয়ৰী মুনমী গগৈ৷

    কেৰালাৰ স্থানীয় পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰিব বুলি নিশ্চিত অসম জীয়ৰী মুনমী গগৈ৷

    কেৰালাৰ স্থানীয় পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰিব বুলি নিশ্চিত অসম জীয়ৰী মুনমী গগৈ৷

    • Share this:
    কেৰালাৰ স্থানীয় পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰিব বুলি নিশ্চিত অসম জীয়ৰী মুনমী গগৈ৷ তেওঁৰ সাক্ষাৎকাৰ গ্ৰহণৰ বাবে আমি তেখেতৰ সৈতে যেতিয়া যোগাযোগ কৰিছিলো, তেতিয়া তেওঁ কেৰালাৰ কুন্নুৰৰ ১১নং বাৰ্ডত দুৱাৰে দুৱাৰে নিৰ্বাচনী প্ৰচাৰত চলোৱাত ব্যস্ত আছিল ৷ যদিও তেওঁ প্ৰাচ্যৰ বৈশিষ্ট আৰু মালায়ালম ভাষাৰ উচ্চাৰণে ১৪ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া কেৰালাৰ স্থানীয় পঞ্চায়ত নিৰ্বাচনত তেওঁক এগৰাকী পৃথক প্ৰাৰ্থী হিচাপে থিয় কৰাইছে তথাপিও ইৰিটি পঞ্চায়তৰ স্থানীয় লোকসকলৰ মৰম আৰু সমৰ্থনক লৈ অসম জীয়ৰীগৰাকী যথেষ্ঠ আত্মবিশ্বাসী ৷



    মুনমী চাজিয়ে কয় যে,"অসমৰ লখিমপুৰত থকা মোৰ পৰিয়ালৰ সকলোৱে কংগ্ৰেছ সমৰ্থক কিন্তু মই বিজেপিৰ টিকটেৰে মোৰ প্ৰাৰ্থীত্ব আগবঢ়াইছো ৷ মোৰ স্বামী কুন্নুৰৰ এগৰাকী বিজেপি কৰ্মী আৰু মই আৰএছএছৰ স্থানীয় গোটৰ সৈতে জড়িত ৷ কেৰালাৰ দুখীয়া লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে লোৱা পদক্ষেপ আৰু বিজেপিৰ আঁচনি তথা নীতি সমূহ দেখি মই অনুপ্ৰাণিত হৈছো ৷ ৰাইজৰ দুৱাৰে দুৱাৰে চলোৱা প্ৰচাৰৰ সময়ত মই প্ৰত্যক্ষ কৰিছো যে, ইয়াৰ লোকসকলে মোক বোৱাৰী হিচাপে গ্ৰহণ কৰি লৈছে ৷ বিগত সাত বছৰত মই মালায়ালম ভাষাটো ভালদৰে আয়ত্ব কৰিছো আৰু ইয়াৰ ফলত মই মোৰ ভোটাৰ সকলৰ সৈতে মত বিনিময় কৰাত যথেষ্ঠ সহায়ক হৈছে ৷

    অসমৰ লখিমপুৰৰ জীয়ৰী মুনমীৰ অসমত থকা অৱস্থাত ৰাজনীতিৰ প্ৰতি কোনো ধৰণৰ আকাংক্ষা নাছিল ৷ আন সাধাৰণ ছোৱালীৰ দৰেই তেওঁৰো বেলেগ পৰিকল্পনা আছিল জীৱনটোকলৈ ৷ সাত বছৰ আগতে হোৱা এটা সংযোগে সলনি কৰি দিছিল মুনমীৰ জীৱন চক্ৰ ৷

    কেৰালাত কৰ্মৰত অসমৰ এজন লোকৰ কথা সুধি মোলৈ অহা এটা ফোন কলৰ জৰিয়তে চাজিৰ সৈতে চিনাকী হৈছিল ৷ তেতিয়া তেওঁক কোৱা হৈছিল যে,তেওঁ যিজন ব্যক্তিক বিচাৰি ফোন কৰিছে এই নম্বৰটো তেওঁৰ নহয় ৷

    ‘তাৰ পিছৰ পৰা ফোনত প্ৰায়ে কথা পাতিছিল আৰু  খুব সোনকালেই এটা সম্পৰ্কৰে বান্ধ খাই পৰিলো৷ ফোনযোগে আমাৰ সম্পৰ্ক চলি থাকিল,তাৰ পিছত চাজিৰ পৰিয়াল লখিমপুৰলৈ আহি মোক কন্নুৰলৈ লৈ যায় ৷ আমি এটা মন্দিৰত বিবাহ কৰিছো ৷ সেই সময়ত মই না মালায়ালম বুজি পাও না কথা পাতিব পাৰো।’- এইদৰে কয় মুনমীয়ে৷

    দুগৰাকী জীয়ৰীৰ সৈতে মুনমী আজি এগৰাকী সুখী মহিলা। মালায়ালাম বোৱাৰী যদিও এগৰাকী অসমীয়া তেওঁ ৷ প্ৰায়ে নিজৰ ঘৰখনৰ কথা মনত পৰে মুনমীৰ, বিগত ছবছৰ ধৰি ঘৰলৈ আহিব পৰা নাই ব্যস্ততাৰ বাবে ৷

    ‘মোৰ শাহু আইয়ে মোক খুব সহযোগিতা কৰিছে।মই কেতিয়াবা প্ৰচাৰ চলাবলৈ গৈ ঘূৰি অহাত পলম হ'লে মোৰ দুয়োগৰাকী ছোৱালী তেওঁৰ সৈতেই থাকে ৷ তেখেতে ঘৰখনৰ লগতে মোৰ পৰিয়ালৰ সুন্দৰকৈ যত্ন লয় ৷ আজিও মোৰ সৈতে কঠোৰ পৰিশ্ৰম কৰে তেখেতে ৷’

    ‘মই মোৰ ভগ্নীক লৈ গৌৰৱান্বিত, তাই অসমৰ ছোৱালী হৈ কেৰালাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷ সৰুকালৰ পৰাই তাই নেতৃত্ব সুলভ গুণৰ অধিকাৰী আছিল যিটো তাইৰ কাম কাজত প্ৰতিফলিত হৈছিল ৷ মই তাইৰ বিয়াৰ পিছৰ পৰা এতিয়ালকৈ যোৱা নাই ৷ এতিয়া তাইৰ ঘৰলৈ এপাক যাম বুলি ভাবিছো ৷ ইয়াৰ পৰা তাইৰ ঠাইলৈ বহু দূৰ।’ এইদৰে কয় মুনমীৰ ভায়েক গৌৰৱ গগৈয়ে ৷

    যদিও মুনমীয়ে কেৰালাৰ জীৱন শৈলী, ৰীতি নীতিৰ সৈতে নিজকে খাপ খোৱাই লৈছে, তথাপিও তাইক স্থানীয় নদীখনে বাৰে বাৰে মনত পেলাই দিয়ে নিজৰ ঠাইখনলৈ,নিজৰ ঘৰখনলৈ ৷
    Published by:Himangshu Bhuyan
    First published: