জম্মুত ৰহস্যজনক মৃত্যু অসমৰ চি আৰ পি এফ উপ-পৰিদৰ্শকৰ

News18 Assam | News18-Assam
Updated:September 3, 2020, 5:59 PM IST
জম্মুত ৰহস্যজনক মৃত্যু অসমৰ চি আৰ পি এফ উপ-পৰিদৰ্শকৰ
জম্মুৰ ডৌডা জিলাৰ ভদৰৱাহ নগৰত কৰ্মৰত আছিল অমৃত বৰদলৈ।

জম্মুৰ ডৌডা জিলাৰ ভদৰৱাহ নগৰত কৰ্মৰত আছিল অমৃত বৰদলৈ।

  • Share this:
জম্মুত কৰ্মৰত অসমৰ এগৰাকী চি আৰ পি এফ উপ-পৰিদৰ্শকৰ ৰহস্যজনক মৃত্যু। কলিয়াবৰৰ অমৃত বৰদলৈ নামৰ চি আৰ পি এফৰ ৩৩নং বেটেলিয়নৰ উপ-পৰিদৰ্শকগৰাকী গুলীবিদ্ধ হৈ মৃত্যু হয়। বুধবাৰে পুৱা ৭ মান বজাত নিজৰ ছাৰ্ভিচ ৰাইফলৰ গুলী লাগি মৃত্যু হোৱাৰ খবৰ আহে পৰিয়াললৈ। অমৃত বৰদলৈৰ নিজৰ ছাৰ্ভিচ ৰাইফলৰ গুলী বুকুত লাগি মৃত্যু হয় বুলি পুৱা ৯ মান বজাত পৰিয়ালটোক অৱগত কৰে জম্মুৰ সেনা আৰক্ষীয়ে।

জম্মুৰ ডৌডা জিলাৰ ভদৰৱাহ নগৰত কৰ্মৰত আছিল অমৃত বৰদলৈ। আজি নিশালৈ জম্মুৰ পৰা কলিয়াবৰৰ নিজ বাসগৃহ আহি পোৱাৰ সম্ভাৱনা আছে অমৃত বৰদলৈৰ নশ্বৰদেহ। বিগত প্ৰায় ২৬ বছৰে চি আৰ পি এফত কৰ্মৰত আছিল কলিয়াবৰ তিনিআলিৰ অমৃত বৰদলৈ। মৃত্যুৰ সময়ত পত্নীসহ এটি পুত্ৰ আৰু এগৰাকী কন‍্যা সন্তান এৰি থৈ গৈছে  চি আৰ পি এফ ৰ উপ-পৰিদৰ্শকগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: September 3, 2020, 5:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading