আজি পুৱাই ত্ৰিপুৰাৰ আগৰতলাস্থিত মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বিমানবন্দৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিমানবন্দৰত মুখ্যমন্ত্ৰী শৰ্মা (Himanta Biswa Sarma)ক বিপুল আদৰণি জনায় ত্ৰিপুৰা বিজেপি (Tripura BJP)ৰ নেতৃত্ব আৰু কাৰ্যকৰ্তাই।
ত্ৰিপুৰাত উপ-নিৰ্বাচন (Tripura By Election)ৰ আগে আগে বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ ৰাজ্যখনত উপস্থিত হৈছে মুখ্যমন্ত্ৰী শৰ্মা। ত্ৰিপুৰাত ৪ খন আসনত হ'ব উপ নিৰ্বাচন। ২৩ জুনত উপনিৰ্বাচন হ'ব ৪টা সমষ্টিত। এই সমষ্টিকেইটা হৈছে আগৰতলা, টাউন বাৰদোৱালি, সুৰমা আৰু যুৱৰাজনগৰ (Agartala, Town Bardowali, Surma and Jubarajnagar)।
উল্লেখ্য ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী মাণিক সাহা (Tripura CM Manik Saha)ও আছে এই উপনিৰ্বাচনৰ দৌৰত। বিপ্লৱ কুমাৰ দেৱে (Biplab Kumar Deb) মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিটাপে দায়িত্ব দিয়া হৈছিল ৰাজ্যসভাৰ সাংসদ মাণিক সাহাক। সাহাই টাউন বাৰদোৱালি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। এই উপ নিৰ্বাচনত ৪টা সমষ্টিত মুঠ ২২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী শৰ্মাৰ আগে আগে শনিবাৰেই ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈছিল মন্ত্ৰী অশোক সিংঘাল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|