Weather News: কাইলৈৰ পৰা ধাৰাষাৰ বৰষুণ অসম তথা উত্তৰ পূৱত! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে কমলাৰঙী সতৰ্কতা !

Source-Google
সেমেকা বতৰৰ লগতে বৰষুণ আৰু বিজুলী–ঢেৰেকনিয়ে আগুৰিৱ উত্তৰ পূৰ্বাঞ্চলক। বিশেষকৈ ৪ মাৰ্চ অৰ্থাত্ বৃহস্পতিবাৰে অসম আৰু মেঘালয়ত বজ্রপাত হোৱাৰ সম্ভাৱনা ।
- News18 Assam
- Last Updated: March 22, 2021, 3:28 PM IST
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে, অৰুণাচল প্ৰদেশত যথেষ্ট পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে, আনহাতে পৰৱৰ্তী ২ৰ পৰা ৩টা দিন ধৰি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
সেমেকা বতৰৰ লগতে বৰষুণ আৰু বিজুলী–ঢেৰেকনিয়ে আগুৰিব উত্তৰ পূৰ্বাঞ্চলক।বিশেষকৈ ৪ মাৰ্চ অৰ্থাত্ বৃহস্পতিবাৰে অসম আৰু মেঘালয়ত বজ্রপাত হোৱাৰ সম্ভাৱনা ।

5-day rain forecast over India from Wednesday to Sunday.
(TWC Met Team)
এই ভৱিষ্যতবাণীৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে তিনিতৰপীয়া সতৰ্কতাবাণী। বৃহস্পতিবাৰে অসম আৰু মেঘালয়ৰ ওপৰত কমলাৰঙী সতৰ্কতা জাৰি কৰাৰ লগতে দুয়োখন ৰাজ্যৰ বাসিন্দাসকলক ৰুক্ষ পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনাইছে । তদুপৰি এই সময়চোৱাত আন ৰাজ্যসমূহত হালধীয়াৰঙী সতৰ্কতা জাৰি কৰা হৈছে ।
ইপিনে আইএমডিৰ গুৱাহাটীস্থিত আঞ্চলিক শাখাই অসমৰ জিলাসমূহ ক্ৰমে কামৰূপ গ্ৰাম্য,পশ্চিম কাৰ্বি আংলং,গোলাঘাট,শণিতপুৰ, ধেমাজী,যোৰহাট,শিৱসাগৰ,ডিব্ৰুগড়, তিনিচুকীয়া ,কাছাৰক বুধবাৰৰ দিনটোত আৰু চিৰাং ,বাক্সা,ওদালগুৰি,শিৱসাগৰ,চৰাইদেউ,ডিব্ৰুগড় আৰু তিনিচুকীয়াক বৃহস্পতিবাৰৰ দিনটোৰ বাবে হালধীয়াৰঙী সতৰ্কতা জাৰি কৰিছে।
অৱশ্যে, ফেব্ৰুৱাৰী শেষ-মাৰ্চৰ আৰম্ভণিতে উত্তৰ-পূৰ্বাঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ পূৰ্বানুমান কৰা হৈছিল। অৰুণাচল প্ৰদেশ আৰু ছিকিমে এই সময়চোৱাতে প্ৰচুৰ পৰিমাণৰ বৰষুণ আৰু তুষাৰপাতৰ সন্মুখীন হ'বলগীয়া হৈছে। যাৰ বাবে ইয়াৰ প্ৰভাৱ অসমকে ধৰি চুবুৰীয়া ৰাজ্যসমূহত পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।