POK ত পাক সেনাৰ আক্ৰমণত শ্বহীদ হ’ল অসমৰ এগৰাকী জোৱান

শ্বহীদ হ’ল গোৰ্খা ৰেজিমেণ্টৰ জোৱান পদম বাহাদুৰ শ্ৰেষ্ঠ

News18-Assam
Updated:October 20, 2019, 7:31 PM IST
POK ত পাক সেনাৰ আক্ৰমণত শ্বহীদ হ’ল অসমৰ এগৰাকী জোৱান
শ্বহীদ হ’ল গোৰ্খা ৰেজিমেণ্টৰ জোৱান পদম বাহাদুৰ শ্ৰেষ্ঠ
News18-Assam
Updated: October 20, 2019, 7:31 PM IST
কাশ্মীৰত শ্বহীদ আন এজন অসমীয়া জোৱান। শ্বহীদ হ’ল হাবিলদাৰ পদম বাহাদুৰ শ্ৰেষ্ঠ।বৰপথাৰৰ হাতীখুলি পদম বাহাদুৰৰ গোৰ্খা ৰেজিমেণ্টৰ জোৱান আছিল ।  দেওবাৰে পুৱতি নিশা পাক অধীকৃত কাশ্মীৰত পাক সেনাৰ আক্ৰমণত শ্বহীদ হ’ল সেনা জোৱান জন। অসমৰ জোৱান জনৰ লগতে শ্বহীদ হয় গমিল কুমাৰ শ্ৰেষ্ঠ নামৰ অন্য এজন ভাৰতীয় জোৱান।
ভাৰতীয় জোৱান দুজনৰ হত্যা কৰাৰ পাছতে পাক অধীকৃত কাশ্মীৰত ভাৰতীয় সেনাই আক্ৰমণ কৰি হত্যা কৰে ৩৫টা সন্ত্ৰাসবাদীসহ ৬জন পাক সেনাক। প্ৰশাসনে এতিয়াও আনুষ্ঠানিকভাৱে জনোৱা নাই পৰিয়ালক।
আৰু চাওক পৰৱৰ্তী বাতৰি