২৪ মাৰ্চত দেশজুৰি কভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ পিছতে ভাৰতীয় খাদ্য নিগমে উত্তৰ–পূবলৈ আমদানি কৰিছে অভিলেখ সংখ্যক খাদ্য সামগ্ৰী৷ ৰে’ল বিভাগৰ সহযোগত FCI–এ প্ৰত্যেক মাহৰ তুলনাত প্ৰায় ৫০% শতাংশ অধিক খাদ্য সামগ্ৰী আনিছে৷ FCI–এ পূৰ্বতে প্ৰত্যেক মাহত উত্তৰ–পূবলৈ মাহে গড়ে ৮০খন মালবাহী ৰে’লত খাদ্য সামগ্ৰী অনিছিল৷ লকডাউনৰ পিছৰ পৰা বিগত ২৫ দিনত ১৫৮খন মালবাহী ৰে’লযোগে খাদ্য সামগ্ৰী পৰিবহণ কৰিছে FCI–এ৷
বিগত ২৫ দিনত FCI–এ উত্তৰ–পূবৰ ৭খন ৰাজ্যলৈ পৰিবহণ কৰিছে প্ৰায় ৪ লাখ ৪২ হাজাৰ মেট্ৰিক টন খাদ্য সামগ্ৰী৷ য’ত অসমলৈ ২ লাখ ১৬ হাজাৰ মেট্ৰিক টন, অৰুণাচলৰ প্ৰদেশলৈ ১৭ হাজাৰ মেট্ৰিক টন, মেঘালয়লৈ ৩৮ হাজাৰ মেট্ৰিক টন, মণিপুৰলৈ ১৮ হাজাৰ মেট্ৰিক টন, মিজোৰামলৈ ১৪ হাজাৰ মেট্ৰিক টন আৰু ত্ৰিপুৰালৈ ৩৩ হাজাৰ মেট্ৰিক টন খাদ্য সামগ্ৰী পৰিবহণ কৰিছে৷ ইয়াৰ ভিতৰত আছে ২২ হাজাৰ মেট্ৰিক টন আটা আৰু ৪ লাখ ২০ হাজাৰ মেট্ৰিক টন চাউল৷
বিগত ২৫ দিনত উত্তৰ–পূবলৈ অনা খাদ্য সামগ্ৰীসমূহ ৰাজ্য সমূহত বিতৰণৰ বাবে বহুকেইখন ৰাজ্যত ৰে’ল লাইনৰ যোগাযোগ নথকাত অসমৰ লগতে ৰেল লাইন থকা স্থানৰ পৰা ট্ৰাকযোগে বিতৰণ কৰা হৈছে৷ মেঘালয়লৈ অসমৰ পৰা ট্ৰাকযোগে ৩৩ হাজাৰ মেট্ৰিক টন খদ্য সামগ্ৰী ইতিমধ্যে পঠোৱা হৈছে৷ য’ত আগতে পঠোৱা হৈছিল ১৪ হাজাৰ মেট্ৰিক টন৷ ঠিক তেনেদৰে অৰুণাচল প্ৰদেশলৈও প্ৰেৰণ কৰা হৈছে ১১ হাজাৰ মেট্ৰিক টন, যিটো পূৰ্বে আছিল ৭ হাজাৰ মেট্ৰিক টন ৷ মণিপুৰলৈও ডিমাপুৰৰ পৰা প্ৰেৰণ কৰা হৈছে অতিৰিক্ত ৮ হাজাৰ মেট্ৰিক টন খাদ্য সামগ্ৰী৷ অকল সিমানেই নহয় FCI য়ে ভাৰত চীন সীমান্ত,ভাৰত বাংলাদেশ সীমান্ত, ভাৰত ভূটান সীমান্তলৈও প্ৰেৰণ কৰিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|