এই নাৰী দিৱসত ‘Asian Paints Where The Heart Is’ ছীজন 4-ত আন্তৰ্জাতিক মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানাৰ জীৱন আৰু গৃহৰ আভাস

News18 Assam | News18-Assam
Updated:March 9, 2021, 5:39 PM IST
এই নাৰী দিৱসত ‘Asian Paints Where The Heart Is’ ছীজন 4-ত আন্তৰ্জাতিক মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানাৰ জীৱন আৰু গৃহৰ আভাস

  • Share this:
8 মার্চ 2021: দক্ষিণ মহাৰাষ্ট্ৰৰ চাংগলি নামৰ চহৰখনেই হৈছে আন্তৰ্জাতিক খ্যাতিসম্পন্ন ক্ৰিকেট তাৰকা স্মৃতি মান্ধাতাৰ ঘৰ। নাৰী দিৱসৰ দিনাখন ‘Asian Paints Where The Heart Is’ চিজন 4-এ আপোনাক লৈ যায় স্মৃতিৰ ঘৰলৈ, যিখন এক শান্তিময় পেভিলিয়নৰ দৰেই আৰু ষ্টেডিয়ামৰ উজ্জ্বল পোহৰতকৈ সম্পূৰ্ণ বিপৰীত।

তেওঁৰ ঘৰখনৰ কেন্দ্ৰটো হৈছে পৰিয়ালটোৱে একেলগে সময় অতিবাহিত কৰা লিভিং স্পেচ: যি স্থানত তাচপাতৰ খেল মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ লগতে ক্ৰিকেটৰ মেচ চাবলৈ এটা প্ৰজেক্টৰো ৰখা হৈছে। স্মৃতিয়ে অতি কম বয়সৰ পৰাই সম্পূৰ্ণ দৃঢ়তা আৰু সংকল্পৰ জৰিয়তে পেছাদাৰীভাৱে ক্ৰিকেট খেলাৰ ইচ্ছা প্ৰদৰ্শন কৰি অন্য মহিলাৰ বাবে পথ মুকলি কৰিছে। তেওঁ ব্যক্তিগত অনুভৱ ব্যক্ত কৰি জনায় যে তেওঁৰ চহৰখনত প্ৰশিক্ষণৰ বাবে সঠিক চিমেণ্টৰ উইকেট নাছিল, আৰু কেনেকৈ তেওঁৰ মাক-দেউতাক নিৰন্তৰ সমৰ্থন আৰু উৎসাহৰ যোগেদি তেওঁৰ 16 বছৰীয়া জীৱনৰ অধিকাংশ উপাৰ্জন ইয়াতে বিনিয়োগ কৰিছিল যাতে তেওঁ নিজে আৰু আনেও খেল অনুশীলন কৰিব পৰাকৈ উইকেট এখন  নিৰ্মাণ কৰিব পাৰি।

স্মৃতি আৰু তেওঁৰ কেৰিয়াৰৰ ওপৰত সুন্দৰকৈ ফ’কাছ কৰা হৈছে: এটা টিভি ৰূম, যিটো  এতিয়া এটা ঘৰুৱা জিমলৈ পৰিবৰ্তন কৰা হৈছে, এটা টেক্সচাৰ কৰা দেৱাল আছে য’ত শ্বুটিং কৰিবৰ বাবে ষ্টুডিঅ’লৈ সলনি কৰা হৈছে আৰু লগতে এখন ট্ৰফী সজোৱা দেৱাল, যি লিভিং ৰূমৰ অধিকাংশ দৈৰ্ঘ্য সামৰি লৈছে। তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ সাফল্যসমূহক লৈ কৰা গৌৰৱ আৰু তেওঁলোক কেনেকৈ তেওঁৰ সফল কেৰিয়াৰৰ বাবে একত্ৰিত হৈ থাকে সেইখিনি চাবলৈ পোৱাটো এটা সৌন্দৰ্যৰ বিষয়।

তাৰকা স্মৃতি মান্ধানাৰ ঘৰখন কেৱল তেখেতৰ অনুশাসন আৰু দক্ষতাৰ প্ৰতিবিম্বই নহয়, লগতে পৰিয়ালটো আৰু তেওঁৰ মাজত থকা স্নেহৰো এক জীৱন্ত দলিল। চিজন 4-ৰ উভতনিৰ সৈতে  বহু আকাংক্ষিত, প্ৰশংসিত আৰু অ’ৰিজিনেল ৱেব ছিৰিজ Asian Paints Where The Heart Is-ৰ দ্বিতীয় খণ্ডত, আপোনালোকে চাবলৈ এই শ্ৰেষ্ঠা ক্ৰিকেটাৰগৰাকীয়ে নিজে প্ৰদান কৰা তেওঁৰ ঘৰৰ এক বিশেষ ভ্ৰমণ।

Where The Heart Is Season 4, এপিছ’ড 2:



 ‘Asian PaintsWhere The Heart Is’ চিজন 4-ৰ বিষয়ে

‘Asian Paints Where The Heart Is’-ৰ চিজন 4-ত আপোনালোকে দেখিবলৈ পাব, অতিকৈ প্ৰশংসাৰ প্ৰাপ্ত সাতগৰাকী চেলিব্ৰিটীৰ সঁচাকৈ আকৰ্ষণীয় ঘৰসমূহ। এইটো বৰ্ষত শংকৰ মহাদেৱন, অনিতা ডোংগৰী, স্মৃতি মান্ধানা, তমন্না ভাটিয়া, ৰাজকুমাৰ ৰাও, প্ৰতীক কুহাড আৰু ভগ্নীদ্বয় শক্তি আৰু মুক্তি মোহনৰ দৰে তাৰকাই নিজৰ গৃহৰ দুৱাৰ খুলি দি দৰ্শকৰ সৈতে নিজৰ স্মৃতিসমূহ ভাগ-বতৰা কৰাৰ লগত দৰ্শকৰ সৈতে এক আবেগিক সেতুও নিৰ্মাণ কৰিব। বিগত তিনিটা বৰ্ষত Asian Paints-এ

এই অনুষ্ঠান আৰু গ্ৰাহকৰ মাজত এক শক্তিশালী সংযোগ গঢ়ি তুলিছে য’ত 22 খন ঘৰ আৰু 27 গৰাকী চেলিব্ৰিটীৰ কথা প্ৰদৰ্শন কৰাৰ যোগেদি 250 নিযুতৰো অধিক দৰ্শনী লাভ কৰিছে।

চিজন 4-য়ে অনুষ্ঠানটোলৈ কেইবাটাও নতুন উপাদান লৈ আহিব। এই চিজনত দৰ্শকে প্ৰসিদ্ধ ব্যক্তি আৰু তেওঁলোকৰ বাসগৃহৰ অধিক সমৃদ্ধ আৰু সজ্জিত কাহিনীৰ সৈতে চিনাকি হোৱাৰ সুযোগ লাভ কৰিব। "স্থান-প্ৰথম" দৃষ্টিভংগীৰ সৈতে, দৰ্শকে নিজৰ প্ৰিয় তাৰকাৰ বাসগৃহ অধিক চাব পাৰিব: লাগিলে ডেক’ৰ পৰিৱৰ্তন কৰাৰ এক সাহসী পদক্ষেপেই হওক বা এক ক্ষুদ্ৰ পৰিবৰ্তন, এই নতুন চিজনৰ লক্ষ্য হৈছে তাৰকাসকল বাস কৰা প্ৰকৃত স্থানসমূহ প্ৰদৰ্শন কৰা, যি স্থানৰ সৈতে তাৰকাসকল গভীৰভাৱে একাত্ম হৈ থাকে আৰু তেওঁলোকৰ প্ৰকৃত ৰূপ প্ৰতিফলিত হয়। তদুপৰি, দৰ্শকসকলে লকডাউনৰ সময়ত এই চেলিব্ৰিটিসকলৰ অভিজ্ঞতা আৰু মুহুৰ্তৰ কথা, পৰিয়াল সম্পৰ্কে তেওঁলোকৰ ধাৰণা, একেলগ হৈ থকাৰ অনুভৱ আৰু এই নতুন পৃথিৱীত তেওঁলোকৰ বাবে বাসস্থানৰ অৰ্থ কি সেয়া আৱিষ্কাৰ কৰিব পাৰিব।  লগতে অনুষ্ঠানটোৱে সম্পৰ্কসমূহৰ সৌন্দৰ্য আৰু ঘৰ এখনত উমৈহতীয়া স্নেহে কেনেকৈ পৰিয়ালটো শক্তিশালী কৰি তোলে সেই কথাও স্পৰ্শ কৰিব। এই বিশাল ব্যক্তিসকলৰ পৰা ঘৰ সজাবৰ বাবে কেইটামান আবেগিক আইডিয়া আৰু পৰামৰ্শও আপোনালোকে জানিবলৈ পাব।

ইয়াৰোপৰি চিজন 4-ত অনুৰাগীসকলৰ বাবে অনা হৈছে এক নতুন আৰু ৰোমাঞ্চকৰ উপাদান, য'ত এজন সৌভাগ্যশালী দৰ্শকে প্ৰতিটো খণ্ডতে এই তাৰকাসকলে প্ৰদান কৰা এক বিশেষ উপহাৰ লাভ কৰিব।
First published: March 9, 2021, 5:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি