'Asian Paints-ৰ ‘Where The Heart Is’- এই চেলিব্ৰিটিসকলে কেনেদৰে নিজৰ সপোনৰ ঘৰ নিৰ্মাণ কৰিছে?

News18 Assam | News18-Assam
Updated:May 1, 2021, 9:06 PM IST
'Asian Paints-ৰ ‘Where The Heart Is’- এই চেলিব্ৰিটিসকলে কেনেদৰে নিজৰ সপোনৰ ঘৰ নিৰ্মাণ কৰিছে?
Asian Paints-ৰ  ‘Where The Heart Is’ হৈছে এনে এক অনুষ্ঠান য'ত চেলিব্ৰিটিসকলে তেওঁলোকৰ ঘৰ বিলাকৰ বিষয়ে অন্তৰ খুলি কথা কয়।

Asian Paints-ৰ  ‘Where The Heart Is’ হৈছে এনে এক অনুষ্ঠান য'ত চেলিব্ৰিটিসকলে তেওঁলোকৰ ঘৰ বিলাকৰ বিষয়ে অন্তৰ খুলি কথা কয়।

  • Share this:
জনপ্ৰিয় ৱেব শ্ব’ ‘Asian Paints Where The Heart Is’-ৰ ছীজন 4ত দৰ্শকে জনপ্ৰিয় চেলিব্ৰিটীসকলৰ  লিভিং স্পেছৰ আভাস লাভ কৰাৰ লগতে তেওঁলোকৰ ব্যক্তিত্বৰ সৈতে খাপ খোৱা বিশেষ ডেক’ৰ পচন্দসমূহ, আৰু লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্কৰ বিষয়ে জানিব পাৰিছে।

Asian Paints-ৰ  ‘Where The Heart Is’ হৈছে এনে এক অনুষ্ঠান য'ত চেলিব্ৰিটিসকলে তেওঁলোকৰ ঘৰ বিলাকৰ বিষয়ে অন্তৰ খুলি কথা কয়। তেওঁলোকৰ ঘৰৰ সৰ্বশ্ৰেষ্ঠ কোণ কোনটো, নান্দনিকতা, ৰঙৰ বিভিন্নতা আৰু তেওঁলোকৰ সপোনৰ ঘৰ নিৰ্মাণ কেনেকৈ কৰিলে, কেনেকৈ ভালদৰে ৰাখিব লাগে- তাৰ সহজ পৰামৰ্শ, ইত্যাদি। আপুনি এই হৃদয়স্পৰ্শী শৃংখলাটোৰ চতুৰ্থ ছীজনটো কিয় চাব লাগে, তাৰ কিছু কাৰণ-

ৰাজকুমাৰ ৰাওঃ

মাটিৰ সুৰ আৰু জীৱন্ত ৰঙৰ এক নিখুঁত মিশ্ৰণৰ সৈতে, অভিনেতা ৰাজকুমাৰৰ ঘৰটোৱে শক্তি আৰু প্ৰাকৃতিক পোহৰৰ ভাৰসাম্যতা বজাই ৰাখে আৰু দিনটো পৰিশ্ৰম কৰাত অন্তত অভিনেতাজন ঘৰলৈ উভতি অহাৰ পাছত শান্তি জোৱাৰ কঢ়িয়াই আনে।

তমন্না ভাটিয়া ঃ

নীৰৱ ৰঙৰ সমাহাৰ, টেক্সচাৰ কৰা দেৱাল আৰু মজিয়াৰ সৈতে, তমন্না ভাটিয়াৰ ঘৰটো সৌন্দৰ্য আৰু সৰলতাৰ প্ৰতীক আৰু লগতে তেওঁৰ গ্লেমাৰাছ চৰিত্ৰবিলাকৰ পৰাও বহু যোজন আঁতৰত। ঘৰটোৰ সূক্ষ্ম সজ্জা আৰু নান্দনিকতাৰ কথা উল্লেখ কৰিবই লাগিব, যি যিকোনো ব্যক্তিৰে প্ৰশংসা বুটলিবলৈ পৰ্যাপ্ত।

অনিতা ডংৰে ঃ

অনিতা ডংৰেৰ ঘৰটোৱে পৰ্যাপ্ত প্ৰাকৃতিক পোহৰ, সেউজীয়া বাগিচা আৰু নূন্যতম কিন্তু সুন্দৰ সজ্জাৰ সৈতে এক শান্ত পৰিবেশৰ সূচনা কৰে। সঁচাকৈয়ে, এই ফেশ্বন আইকনগৰাকীৰ বিশাল বাংলোটো অতি কলাসুলভ আৰু এক শিল্প বুলি ক’ব পাৰি।

 শংকৰ মহাদেৱন ঃ

শংকৰ মহাদেৱনৰ হ’লিডে হ’ম এটা গতিমান নিজৰাৰ কাষত গ্ৰাম্য অঞ্চলত অৱস্থিত। এই ঘৰটোৰ ওখ চিলিং, ৰঙৰ মিশ্ৰণ আৰু মিল, আৰু মৰমলগা দুটা কুকুৰৰ সৈতে এই শান্ত বাসগৃহটো মহাদেৱনৰ সংগীতৰ দৰেই অনন্য।

স্মৃতি মান্ধানা ঃ

ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মান্ধানাৰ অতিশয় হিচাপেৰে সজ্জিত ঘৰটোৱে ইয়াৰ নীৰৱ ৰং, টেক্সচাৰযুক্ত দেৱাল, আৰু পৰিষ্কাৰ ৰেখাৰ সমাহাৰেৰে প্ৰতিটো কোণতে সৰলতা আৰু শান্তি প্ৰদৰ্শন কৰে। খেল আৰু পাৰিবাৰিক সময়ৰ মাজত সঠিক ভাৰসাম্যতা বজাই ৰাখিবলৈ এই ঘৰটোৱে সহায় কৰে, পুৰণি স্মৃতি আৰু কৃতিত্বৰ এক অপূৰ্ব মিশ্ৰণ প্ৰদৰ্শন কৰে।

শক্তি মোহন আৰু মুক্তি মোহন ঃ

তেওঁলোকৰ ছাদৰ পৰা আৰম্ভ কৰি নৃত্য অনুশীলনৰ বাবে এটা ডাঙৰ হললৈকে, আৰু তেওঁলোকৰ ব্যক্তিগত কোঠালিকে ধৰি শক্তি আৰু মুক্তি মোহনৰ আৱাসগৃহটো তেওঁলোকৰ দৰেই এক ব্যক্তিগত আৰু বিশেষ অনুভৱৰ গৰাকী। সূক্ষ্ম ৰং আৰু মাটিৰ সুৰেৰে আৱৰি থকা এই ঘৰটো তেওঁলোকৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সম্পূৰ্ণ বিপৰীতমুখী এক শান্ত স্থান।

যি সময়ত কোভিড-19ৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজিবৰ বাবে আমি সকলো পুনৰ নিজৰ ঘৰৰ ভিতৰলৈ উভতি আহিছো, এই শৃংখলাটো চাই আমি বুজিব পাৰো যে আমাৰ ঘৰখনো কিমান শান্তিপূৰ্ণ আৰু ধুনীয়া হ'ব পাৰে, লাগিলে চেলিব্ৰিটি হওক বা নহওক।

গতিকে, আহকচোন ‘Where The Heart Is’ৰ গোটেই ছীজনটো ইয়াত উপভোগ কৰক।
Published by: Himangshu Bhuyan
First published: May 1, 2021, 5:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি